গেলেকী : নাজিৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। ক’ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে। দেৱব্ৰত শইকীয়া ক’ভিড-১৯ পৰীক্ষাৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা টেষ্ট কিট সমূহৰ মূল্যক লৈ কেতবোৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ তেওঁৰ উত্থাপিত অভিযোগ অনুসৰি ক’ভিড-১৯ ৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত হৈছে খেলিমেলিৰ৷ লগতে তেওঁলৈ অহা এটা মেইলযোগে তেওঁৰ অৱগত কৰোৱা হৈছিল যে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অসমৰ স্বাস্থ্য বিভাগৰ বাবে টেষ্ট কিট ক্ৰয় কৰাৰ বাবদ পৰিশোধ কৰিছে উচ্চ হাৰ৷ তেওঁক প্ৰদান কৰা সেই অভিযোগত উল্লেখ আছিল যে ৪৯০ টকা দৰত উত্তৰ প্ৰদেশত টেষ্ট কিট কিনাৰ পৰিৱৰ্তে অসমত প্ৰায় ৬৫৫ টকাৰ ব্যৱধানেৰে প্ৰায় ১১ শ টকাতকৈয়ো অধিক মূল্যত ক্ৰয় কৰিছিল অনুৰূপ মানসম্পন্ন টেষ্ট কিট৷ এই অভিযোগ তেওঁ জুন মাহত পোৱাৰ পাছতে জুলাইৰ মাহত আনুমানিক ২০/২১ তাৰিখে তেওঁ অভিযোগ আৰু তেওঁৰ হাতত থকা তথ্যখিনি তদন্তৰ বাবে অসমৰ উপ-লোকায়ুক্তক তেওঁ প্ৰদান কৰিছিল৷ সকলো কাম স্বচ্ছতাৰে হৈছে নে নাই সেই জনাৰ লগতে, যদিহে তাত কিবা ক্ৰুটি আছে সেই ক্ৰুটি সমূহ দূৰ কৰাৰ বাবে বিহীত ব্যৱস্থা ল’ব পাৰে। সেই উদ্দেশ্য তেওঁ উপ-লোকায়ুক্তক অৰ্পণ কৰে সকলো তথ্য৷ লগতে বৰ্তমান পৃথকীকৰণ কেন্দ্ৰত ৰখা তথা নিজ গৃহত পৃথকীকৰণ হৈ থকা ব্যক্তিসকলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কৰা ভিন্ন অভিযোগ সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়া ফেচবুকত এক ভিডিঅ’যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…