গেলেকী : ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষ্যৰ বহন কৰি যোৱা এইখন অসমতেই আছে বুৰঞ্জীপ্ৰসিদ্ধ বহু মূল্যৱান ঐতিহাসিক সমলসমূহ। নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত আছে ঐতিহাসিক আমলখি দেওশাল। আহোম সকলৰ অন্যতম উপাস্য দেৱতাৰ আৰাধনাস্থলী হ’ল লাকুৱাৰ এই আমলখি দেওশাল। লাকুৱাৰ দিচাং নদীৰ কাষত অৱস্থিত এই দেওশালখনৰ মাটি ৰঙা আছিল বাবে দেওশালখন ৰঙাগড় আমলখি দেওশাল নামেৰেও জনাজাত বুলি লেছেৰি বুটলা বুৰঞ্জীত উল্লেখ আছে। এই দেওশালত প্ৰতিবাৰ বছৰৰ অন্তৰত অনুষ্ঠিত হৈ আহিছে আহোম সকলৰ অন্যতম ধৰ্মীয় কাৰ্য ওমফা পূজা। লোক বিশ্বাস অনুসৰি অতি জাগ্ৰত এই আমলখি দেওশালখন স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ঘনশ্যাম বুঢ়াঁগোহাঁইৰ তৎপৰতাত স্থাপন কৰা বুলি কোনো বুৰঞ্জীবিদে উল্লেখ কৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে শিৱসাগৰ আৰু চৰাইদেউ জিলা অধীনৰ প্ৰায়বোৰ কৃতিচিহ্নৰ লগতে ঐতিহাসিক উক্ত দেওশালখন আজি পৰিত্যক্ত। সম্প্ৰতি ৰজাঘৰীয়া ও পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই আজি ধ্বংসৰ গৰাহত পৰিছে লাকুৱাৰ ঐতিহাসিক দেওশালখন। দিচাং নদীৰ গৰাখহনীয়াই দেওশালখনৰ বিস্তৰ ভূমি কিছু বছৰৰ পূৰ্বে ক্ষতিগ্ৰস্ত কৰাৰ লগতে বাঢ়নী পানীৰ তলত জাগ্ৰত দেওশালখন। বাৰিষা আহিলেই অহা-যোৱা কৰা পথ হেৰাই দেওশালখনৰ। বিভিন্ন সময়ত মন্ত্ৰী, বিধায়ক তথা স্থানীয় জনপ্ৰতিনিধিয়ে আমলখি দেওশালত উপস্থিত হৈ বিভিন্ন ধৰ্মীয় কাৰ্য পালন কৰি আহিছে। কিন্তু আজিলৈকে চৰকাৰে উন্নয়নৰ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। যি সময়ত ৰাজ্য চৰকাৰে ধৰ্মীয় অনুষ্ঠানবোৰ সংৰক্ষণ, উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। সেই সময়ত পুৰাতত্ত্ব বিভাগে লাকুৱাৰ আমলখি দেওশাল উন্নয়নত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…