সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ মালিবাৰীত এখন দলং নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন ৩ নং মালিবাৰী পথাৰ ঈদগাহৰ পৰা কৱৰস্থান সংযোগী এখন কাঠৰ দলং নিৰ্মাণক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখ্য যে, ২০১৯ বৰ্ষতে ১০ লাখ টকা ব্যয় সাপেক্ষে বিধায়ক পুঁজিৰে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলংখন নিৰ্মাণ কৰাৰ নিবিধা লাভ কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক নুৰজামাল হকে৷ জানিব পৰা মতে, ঠিকাদাৰ নুৰজামাল হকে যোৱা ডেৰ বছৰে সামান্য পৰিমাণৰ কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগত তুলিছে ৰাইজে৷ আনকি ঠিকাদাৰ ৰূপী কলেজৰ অধ্যাপকজনে দলং নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে ইয়াৰ পূৰ্বে ঠাইখনত ৰাইজৰ গাঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰিছিল৷ স্থানীয় ৰাইজৰ আহ্বান মৰ্মে বিধায়িকা নন্দিতা দাসে এখন কাঠৰ দলং নিৰ্মাণৰ বাবে ১০ লাখ টকা আৱন্টণ দিছিল৷ কিন্তু ঠিকাদাৰ ৰূপী অধ্যাপকজনে দলং নিৰ্মাণত দুৰ্নীতি কৰি মোটা অংকৰ ধন আত্মহাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্যনীয় যে, বিধায়িকা নন্দিতা দাসেও অধ্যাপক নুৰজামালৰ লগত মিলি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইপিনে স্থানীয় ৰাইজে দুৰ্নীতিৰ উচিত তদন্ত কৰি দুৰ্নীতিৰ লগত জড়িত থকা ব্যক্তিক শাস্তি দিয়াৰ উপৰিও দলংখন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…