Breaking

চৰকাৰী নীতি নিৰ্দেশনা মানি ঈদ উদযাপনৰ আহ্বান নগাঁও জিলা প্ৰশাসনৰ

0 1,047

নগাঁও : কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি  আগন্তুক  ঈদ-উদ-জোহা উদযাপনৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে। কালি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন ঈদগাহ সমিতিৰ বিষয়ববীয়াসকলৰ লগত আগন্তুক ঈদ উদযাপন সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত উপায়ুক্তগৰাকীয়ে বৰ্তমান পৰিস্থিতিত কৰ’না মহামাৰী প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ আৰু স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি আগন্তুক ঈদ-উদ-জোহা পালনৰ আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত জনসমাগম আৰু নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে অৱগত কৰে। উক্ত বৈঠকত ইছলাম ধৰ্মাৱলম্বী লোকক ঈদৰ নামাজ নিজ নিজ ঘৰত পঢ়িবলৈ আহ্বান জনোৱা হয়। বৈঠকত জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে চৰকাৰী নীতি-নিৰ্দেশনা মানি আগন্তুক ঈদ-উদ-জোহা পালন কৰিবলৈ আহ্বান জনায়। আৰক্ষী অধীক্ষক গৰাকীয়ে ঈদৰ সময়ত মছজিদত নামাজ অনুষ্ঠিত কৰোতে মাত্ৰ তিনিজন ব্যক্তি উপস্থিত থাকিব পাৰিব বুলিও অৱগত কৰে। বৈঠকত অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাকে প্ৰমুখ্যে বিভিন্ন বিষয়াসকল উপস্থিত থাকে।

Leave A Reply