নলবাৰী : কৰণা মহামাৰীৰ পিছতে এতিয়া বানপানীৰ সংহাৰী ৰূপে এতিয়া ৰাজ্য বিভিন্ন প্ৰান্তৰ সৰ্ব সাধাৰণ ৰাইজক সমস্যাৰ দিশলৈ থেলি পঠিয়াইছে। এনে পৰিস্থিতিৰ সময়ত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী সংস্থা সন্ধানৰ তৰফৰ পৰা বানপীড়িত অঞ্চলত যোৱা কেবাদিন ধৰি একেৰাহে শিশুৰ বাবে পুষ্টিকৰ খাদ্য গাখীৰ, হৰলিক্স, মেগী, বিস্কুট, কেক, শিশুৰ বাবে পুষ্টিকৰ বিভাৰেজ আৰু মাস্ক বিতৰণ সেৱা চলাই থকা হৈছে। সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ সাধাৰণ সম্পাদক তাজিমউদ্দিন আহমেদে জনোৱা মতে নলবাৰী জিলাৰ বৰভাগ অঞ্চলত ইতিমধ্যে বানপীড়িত অঞ্চলৰ প্ৰায় দুশ শিশুক শিশু খাদ্য বিতৰণ কৰিছে আৰু এই বিতৰণ সেৱা পৰ্যায়ক্ৰমে বিভিন্ন বানপীড়িত অঞ্চলৰ শিশুৰ মাজত অব্যাহত থাকিব। অন্যহাতে আনৰ ঘৰত কাম কৰি একমাত্ৰ ৭ বছৰীয়া পুত্ৰৰ সৈতে কোনোমতে জীৱন নিৰ্বাহ কৰা তথা সাম্প্ৰতিক বান পৰিস্থিতৰ কবলত দুৰ্ভোগ ভোগা বৰভাগৰ পাণ্ডুলা গাঁৱৰ অৰ্পনা মেধি নামৰ স্বামীহাৰা মহিলাগৰাকীক সন্ধান স্বেচ্ছাসেৱী সংস্থাটোৰ মাধ্যমেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰোদ দাসে কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে খাদ্য সামগ্ৰীও আগবঢ়ায়। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংস্থাটোৱে ২০১৬ ৰ পৰা শিশুৰ বিকাশ আৰু সমাজত মানৱতাবাদ স্থাপিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী চলাই আহিছে। শিশুৰ খাদ্য বিতৰণ কাৰ্যসূচী সফল কৰাত বিশেষ তৎপৰতা বহন কৰে সন্ধানৰ স্বেচ্ছাসেৱক ক্ৰমে পাৰবিন চুলতানা, জ্যোতিষ্মিতা শৰ্মা, জিয়াউল ৰহমান, পূজা তালুকদাৰ, মোস্তফা হ’ক, প্ৰীতম লহকৰ, ইৰছাদ আলী, চাজিদ আহমেদ আৰু ডিম্পল ডেকাই। বিতৰণ কাৰ্যসূচীটোত অংশ লয় কেবাগৰাকী সমাজ সচেতন যুৱক তথা সন্ধানৰ উপদেষ্টা আৰু শুভাকাংক্ষী ক্ৰমে নৱজিৎ চক্ৰৱৰ্তী, দেৰাজউদ্দিন আহমেদ, সঞ্জীৱ মেধি, জ্যোতিৰ্ময় ডেকা, মানৱ কলিতাই। সন্ধানৰ এই শিশুৰ খাদ্য বিতৰণ সেৱাত সহায়ৰ হাত আগবঢ়াইছে অসমৰ ভিন্ন প্ৰান্তৰ শুভাকাংক্ষীয়ে। সন্ধানৰ সাধাৰণ সম্পাদকে সহায়ৰ হাত আগবঢ়োৱা সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু সামাৰ্থ্যৱান সকলক বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…