দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুত লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ তামিলনাডু চৰকাৰে ক’ৰোনো ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৩১ আগষ্টলৈকে লকডাউনৰ সীমা বঢ়াই দিছে৷ অৱশ্যে কেতবোৰ শিথিলতা অৱলম্বন কৰিছে৷ ইপিনে আগষ্টৰ দেওবাৰবোৰত সম্পূৰ্ণ লকডাউন কৰা হৈছে৷ দেওবাৰবোৰত কেৱল জৰুৰীকালীন সেৱাহে অব্যাহত থাকিব৷ উল্লেখ্য যে বুধবাৰৰ দিনালৈকে তামিলনাডুত ক’ভিড-১৯ত মুঠ ২৩৪১১৪ জন লোক আক্ৰান্ত হৈছে৷ অৱশ্যে ১৭২৮৮৩ জন লোক আৰোগ্য হৈছে৷ ইয়াৰে ভিতৰত ৫৭৪৯০ জনৰ সক্ৰিয়৷ তদুপৰি ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত হৈ ৩৭৪১ জন লোকৰ মৃত্যু হৈছে৷ উল্লেখ্য যে শেষৰ সপ্তাহৰ কেইটামান দিনত তামিলনাডুত প্ৰতিদিনে ৭০০০ লোক সংক্ৰমিত হৈছিল৷ মে’ আৰু জুন মাহত ৰাজ্যখনৰ ৰাজধানী চেন্নাইত অৱস্থা গুৰুতৰ হৈছিল৷ ৰাজ্যখনত লকডাউনত শিথিল কৰা অনুসৰি কোম্পানীবোৰত ৭৫ শতাংশ কৰ্মচাৰীৰে কাম কৰিব পাৰিব৷ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে ৫০ শতাংশ আসনত ব্যৱস্থা কৰি হোটেলবোৰ খুলিব পাৰিব৷ শাকপাচলি আৰু গেলামালৰ দোকান পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে খুলিব পাৰিব৷ ই-কমাৰ্চৰ সকলো সামগ্ৰী বিতৰণ কৰিব পাৰিব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…