দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শীঘ্ৰে সাতটা নতুন ৰুটত দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বিশাল নেটৱৰ্ক তৈয়াৰ কৰা হ’ব৷ এই প্ৰকল্পটো ত্বৰান্বিত কৰিবলৈ ভাৰতৰ ৰে’ল বিভাগে ভাৰতৰ ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষৰ সৈতে অতিৰিক্ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ প্ৰাপ্ত তথ্য মতে ভাৰতৰ ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষই শীঘ্ৰে দেশৰ ৰে’ল পৰিবহণ নেটৱৰ্কৰ সংহত উন্নয়নৰ বাবে গ্ৰীণফিল্ড এক্সপ্ৰেছক ধৰি দ্ৰুতগতিৰ ৰে’লৰ বাবে ট্ৰেক ৰাখিবলৈ ভূমি অধিগ্ৰহণ কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নেতৃত্বত এটা দলে পৰিকাঠামোৰ এক বৈঠকত অতিৰিক্ত ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল৷ ইনফ্ৰা ছেক্টৰ গ্ৰুপৰ সভাৰ সময়ত সিদ্ধান্ত লোৱা হৈছিল যে ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষই ভূমি অধিগ্ৰহণৰ দায়িত্ব ল’ব আৰু এই প্ৰক্ৰিয়া আগুৱাই নিবলৈ এখন চাৰিজনীয়া সদস্যৰ সমিতি গঠন কৰা হৈছিল৷ চাৰি সদস্যৰ টাস্ক ফৰ্চে ভূমি অধিগ্ৰহণ আৰু ব্যয় ভাগ কৰি নিয়াৰ পদ্ধতিবোৰ কাৰ্যকৰি কৰিব৷ উল্লেখ্য যে ভাৰতীয় ৰে’ল পথ দিশৰ ৭টা হাই-স্পীড ৰে’ল ৰুটৰ ব্লুপ্ৰিণ্ট তৈয়াৰৰ প্ৰক্ৰিয়াটো চলি আছে৷ এই সাতটা হাই-স্পীড ৰে’ল কৰিডৰ হ’ল নয়দা হৈ দিল্লীৰ পৰা বাৰানসী, আগ্ৰা আৰু লক্ষ্ণৌ, বাৰানসীৰ পৰা পাটনা হৈ হাওৰা, জয়পুৰ আৰু উদয়পুৰ হৈ দিল্লীৰ পৰা আহমদাবাদ, চণ্ডীগড়, লুধিয়ানা আৰু জলন্ধৰ হৈ দিল্লীৰ পৰা অমৃতশৰলৈ, নাছিক হৈ মুম্বাইৰ পৰা নাগপুৰ, পুনে হৈ মুম্বাইৰ পৰা হাইদৰাবাদ আৰু বেংগালুৰু হৈ চেন্নাইৰ পৰা মহিহুৰ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা
- ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…
- ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…