তিনিচুকীয়া : ৰে’ল শ্ৰমিকসকলৰ দুৰন্ত তথা আপোচহীন নেতা ৰূপে পৰিচিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহ:সাধাৰণ সম্পাদক ভজন চন্দ্ৰ দে ৬৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আজি পুৱতি নিশা ৩-২০ বজাত বদৰপুৰৰ ৰে’লৱে চিকিৎসালয়ত মৃত্যুবৰণ কৰা শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তিনিচুকীয়া ডিভিজনৰ লগতে সমগ্ৰ এন এফ ৰে’লৱে অন্তৰ্গত ৰে’ল শ্ৰমিক সকলৰ মাজত শোকৰ বন্যা বৈছে। শ্ৰমিক নেতাজনৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰি এক প্ৰেছ বাৰ্তাত কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কয় যে, ২০১২ চনত ৰে’লৱে চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰা ৰে’ল শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেই দহ বছৰ কাল বদৰপুৰ শাখাৰ শাখা সম্পাদক আৰু ২০১০ চনৰ পৰা মৃত্যু পৰ্যন্ত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰে’ল শ্ৰমিক সকলৰ ন্যাৰ্য্য প্ৰাপ্য আদায়ৰ সংগ্ৰামখনৰ এজন বলিষ্ঠ নেতা হেৰুৱালে বুলি গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ভজন চন্দ্ৰেৰ মৃত্যুত অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তায়ো গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে কেন্দ্ৰীয় কমিটীৰ লগতে ইউনিয়নৰ সকলো শাখাই পতাকা অৰ্ধনমিত কৰি ১ আগষ্টৰ পৰা ৩ আগষ্টলৈকে তিনিদিনীয়া শোক দিৱস ৰূপে পালন কৰিব বুলি ঘোষণা কৰিছে। একেদৰে মজদুৰ ইউনিয়নৰ বদৰপুৰ শাখাৰ নেতা উত্তম দাসকে ধৰি কেন্দ্ৰীয় নেতা সজল চক্ৰৱতী, মহিলা নেত্রী সুমনা বেনাৰ্জী, পেঞ্চনাৰ এছ’চিয়েচনৰ কৰ্মকৰ্তা সকলৰ উপৰি অনেক গুণমুদ্ধই শোকাকুল পৰিবেশত নশ্বৰ দেহত মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা তৰ্পন কৰে শ্ৰমিক নেতা জনক। ৰে’ল শ্ৰমিক নেতাজনে মৃত্যুৰ সময়ত এজন পুত্র আৰু বোৱাৰীকে ধৰি দুগৰাকী জী জোঁৱাই আৰু নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…