ড° তুলিৰাম ৰংহাঙৰ প্ৰয়াত পিতৃ জয়চিং ৰংহাঙৰ আদ্য শ্ৰাদ্ধত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত

ড° তুলিৰাম ৰংহাঙৰ প্ৰয়াত পিতৃ জয়চিং ৰংহাঙৰ আদ্য শ্ৰাদ্ধত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত।

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ আৰ্টুকেকাঙত আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) ড° তুলিৰাম ৰংহাঙৰ নিজা বাসগৃহত পিতৃ প্ৰয়াত জয়চিং ৰংহাঙ দেৱৰ আদ্যশ্ৰাদ্ধ কাৰ্যসূচী অনুষ্ঠিত হয়।

এই শোকাৱহ মুহূৰ্তত উপস্থিত থাকে অসমৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত জয়চিং ৰংহাঙ দেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

প্ৰয়াত জয়চিং ৰংহাঙ দেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালটোক এই কঠিন সময়ত ধৈৰ্য আৰু মনোবল অটুট ৰাখিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।

Related Articles