সোণতলী : সমগ্ৰ বিশ্বৰ লগতে অসমতো ১ আগষ্টত উদযাপন হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা৷ কৰোনা আতংকৰ মাজতে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ৰাজ্যবাসীয়ে ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি ঈদৰ নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পন্ন কৰা দেখা গৈছে৷ উল্লেখ্য যে, ৰাজ্যত ইতিমধ্য তিনিবাৰকৈ হৈ যোৱা বানপানীয়ে দক্ষিণ কামৰূপৰ সোণতলীৰ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্তিতিৰ সৃষ্টি হৈছে৷ বান আৰু খহনীয়াই আপোন ঘৰখন হেৰুৱাই মথাউৰি অথবা পথৰ দাঁতিত ভোকে লগোণে দিন পাৰ কৰিবলগীয়া হৈছে সোণতলীৰ নৈপৰীয়া ৰাইজে৷ ইপিনে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ চাপি অহাৰ লগে লগে খহনীয়াগ্ৰস্থ দুখীয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ইয়াৰ মাজতে সোণতলী অঞ্চলৰ স্বেচ্চাসেৱী সংগঠন বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ উদ্যোগত এটি সজাতি দলে বানে ঘৰ-বাৰী উটুৱাই নিয়া দুখীয়া পৰিয়ালৰ মাজত ঈদৰ সামগ্ৰী বিতৰণ কৰে৷ ক্লাৱৰ সভাপতি জাহিদুল ইছলামৰ নেতৃত্বত প্ৰায় ৩৫ ঘৰ পৰিয়ালৰ মাজত চেনি, সেৱাই, গাখীৰ, কিচমিচ, বাদাম, মিঠাতেল, চাবোন আদি বিতৰণ কৰে৷ স্মৰ্তব্য যে, বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ বিষয়-ববীয়াসকলে চৰকাৰী নিৰ্দেশনা অনুযায়ী পৱিত্ৰ ঈদৰ নামাজ ঘৰতে আদায় কৰিবলৈ আহ্বান জনাইছে৷ ক্লাৱখনৰ এনে মহানুভৱতাক স্থানীয় সচেতন মহেল ভূয়সী প্ৰশংসা কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…