দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত সিদ্ধান্ত দিবলৈ বাকী যদিও আসন্ন আইপিএলৰ বাবে সকলো কথাই হৈ গৈছে৷ সংযুক্ত আৰৱ আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই মেগা টুৰ্ণামেণ্ট৷ ফাইনেল খেলখন ৮ বা ১০ ছেপ্টেম্বৰত হ’ব৷ দেওবাৰে আইপিএলৰ গভৰ্ণিং কাউন্সিলৰ সভাত সূচীসহ বাকী বিষয় চূড়ান্ত হোৱাৰ কথা৷ আইপিএলৰ সভাপতি ব্ৰিজেছ পেটেলে জনোৱা মতে এই মেগা টুৰ্ণামেণ্ট ডুবাই, শ্বাৰজাহ আৰু আবুধাবিত অনুষ্ঠিত হ’ব৷ ৮টা ফ্ৰেঞ্চাইজিৰ লগত শনিবাৰে সভা হোৱাৰ পাছত কেতবোৰ কথা পৰিষ্কাৰ হ’ব৷ ইয়াত সবাতোকৈ ডাঙৰ বিষয় হ’ল ক্ৰিকেটাৰসকলৰ স্বাস্থ্য৷ যাৱতীয় স্বাস্থ্য বিধি মানিয়ে আইপিএল আয়োজন কৰা হ’ব৷ জানিব পৰা মতে আঠটা ফ্ৰেঞ্চাইজিয়ে আমিৰশ্বাহিত যাৱতীয় সুৰক্ষা খুঁটিনাটি মাৰি চাব৷ ক্ৰিকেটাৰসকলৰ নিৰাপত্তাৰ বাবে কেতবোৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে৷ তাৰ ভিতৰত আছে কোৱাৰেণ্টাইন বিধি৷ ডুবাইৰ বৰ্তমান স্বাস্থ্যবিধি মতে ক’ভিড নিগেটিভ ৰিপৰ্ট দেখুৱাব পাৰিলে কোৱাৰেণ্টাইনত থকাৰ প্ৰয়োজন নাই৷ কিন্তু ৰিপৰ্ট নাথাকিলে পৰীক্ষা হ’ব৷ আনহাতে ক্ৰিকেটাৰসকলে দেশ এৰাৰ আগতে দুবাৰ ক’ৰোনা পৰীক্ষা হ’ব৷ ডুবাই পোৱাৰ পাছত আকৌ দুবাৰ পৰীক্ষা হ’ব৷ ক্ৰিকেটাৰৰ উপৰি ছাপৰ্ট ষ্টাফ আৰু আনসকলৰ ৰিপৰ্ট বাধ্যতামূলক৷ তদুপৰি প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে তেওঁলোকৰ ক্ৰিকেটাৰৰ বাবে জৈৱ সুৰক্ষা বলয় তৈয়াৰ কৰিব লাগিব৷ সীমিত সংখ্যক ব্যক্তিৰ বাদে আন কাৰো লগত দেখা বা কথা পতা নিষিদ্ধ৷ ইয়াৰ উপৰি যিসকলে আইপিএল খেলিবলৈ আমিৰশ্বাহি যাব, তেওঁলোকে প্ৰত্যেকে ডিএক্সবি এপ ডাউনলড কৰি ল’ব লাগিব৷ ই এটা আৰোগ্য সেতু এপৰ দৰে৷ ইয়াত সামাজিক দূৰত্ব বিধিৰ উপৰি যাৱতীয় নিয়ম দেখুওৱা থাকিব৷ ফ্ৰেঞ্চাইজিবোৰে নিজেই হোটেলৰ ব্যৱস্থা কৰিব লাগিব৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ক্ষেত্ৰত ফ্ৰেঞ্চাইজিবোৰক সহায় কৰিব৷ তদুপৰি ড্ৰেচিং ৰোমত একেলগে ১৫ জনৰ বেছি ক্ৰিকেটাৰ থাকিব নোৱাৰিব৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…