দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ বিৰুদ্ধে পুনৰ পদক্ষেপ ল’লে ভাৰতে৷ ইয়াৰ আগতে ভাৰতে চীনৰ এপ নিষিদ্ধ কৰিছিল৷ এইবাৰ চীনৰ ৰঙীন টেলিভিছন আমদানিৰ ওপৰত বিধিনিষেধ আৰোপ কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে চীনৰ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে৷ তদুপৰি বিদেশী পণ্য আমদানি কমাই ভাৰতীয় পণ্যৰ উৎপাদন আৰু চাহিদা বাঢ়িব৷ তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বপ্ন আত্মনির্ভৰ ভাৰত হোৱাত সফল হ’ব৷ ডিৰেক্টৰ জেনেৰেল অব ফৰেইন ট্ৰেড (ডিজিএফটি)ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে ৰঙীন টিভি আমদানি নীতি সংশোধন কৰা হৈছে৷ আগতে টেলিভিছন আমদানিৰ বাবে কোনো লাইচেন্সৰ প্ৰয়োজন নাছিল৷ এইবাৰ ডিজিএফটিৰ পৰা এই বিষয়ত অনুমতি ল’ব লাগিব৷ অৱশ্যে কিহৰ ভিত্তিত অনুমতি দিয়া হ’ব সেয়া স্পষ্ট নহয়৷ ৩৬ ইঞ্চিৰ পৰা ১০৫ ইঞ্চি স্ক্ৰীণৰ ৰঙীন টিভিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এই বিধিনিষেধৰ আওতাত আছে ৬৩ চেণ্টিমিটাৰৰ তলৰ এলচিডি টিভিও৷ উল্লেখ্য যে ভাৰতে সকলোতকৈ বেছি ৰঙীন টিভি চীনৰ পৰা আমদানি কৰে৷ ২০১৯-২০ বিত্তীয় বছৰত ৭৮১ মিলিয়ন ডলাৰৰ ৰঙীন টিভি ভাৰতে আমদানি কৰিছিল৷ চীনৰ পৰা ২৯৩ মিলিয়ন ডলাৰৰ ৰঙীন টিভি আমদানি কৰিছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিশ্ব হাঁপানী দিৱসঃ প্ৰাপ্তবয়স্কতকৈ অধিক শিশু হাঁপানী ৰোগী! পিতৃ-মাতৃয়ে হাঁপানীৰ এই প্ৰাৰম্ভিক লক্ষণসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে…
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…
- বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…