‘হৰদিন, হৰঘৰ আয়ুৰ্বেদ’ অভিযানৰ অংশ হিচাপে বঙাইগাঁৱত আয়ুষ চিকিৎসক, অনুশীলনকাৰী, গৱেষক তথা স্থানীয় নাগৰিকৰ সৈতে মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালে

  • যোগীঘোপাত নিৰ্মীয়মান মাল্টিমডেল লজিষ্টিক পাৰ্ক প্ৰকল্পই নদী পথেৰে আমদানিৰপ্তানিৰ ক্ষেত্ৰত উত্তৰপূৰ্বাঞ্চলৰ বুকুত এক নৱজাগৰণৰ সৃষ্টি কৰিব: সোণোৱাল
  • উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত সামুদ্ৰিক বাণিজ্য সম্পৰ্কীয় তথা সংশ্লিষ্ট অন্যান্য দক্ষতা গঢ় দিয়াৰ বাবে গুৱাহাটীত এটা সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ গঢ় দিয়া হ: সোণোৱাল

অহা ২৩ অক্টোবৰত আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আৰু আন আন মন্ত্ৰালয়বোৰৰ সহযোগত দেশজুৰি অনুষ্ঠিত হ’ব ‘আয়ুৰ্বেদ দিৱস’। তাৰেই পৰিপ্ৰেক্ষিতত আজি বঙাইগাঁও জিলা ভ্ৰমণৰ সময়ত আয়ুৰ্বেদ খণ্ডৰ সৈতে জড়িত চিকিৎসক, অনুশীলনকাৰী, গৱেষক তথা স্থানীয় নাগৰিক প্ৰমুখ্যে সংশ্লিষ্ট ব্যক্তিসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত বিনিময় কৰে। ‘প্ৰতিটো দিনত, প্ৰতিটো ঘৰত আয়ুৰ্বেদ’ৰ মূলমন্ত্ৰেৰে উদযাপিত হৈ থকা এইবাৰৰ ‘আয়ুৰ্বেদ দিৱস’ৰ বিভিন্ন কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে জনসাধাৰণৰ মাজত আয়ুৰ্বেদৰ সুফল আৰু সম্ভাৱনা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ উপস্থিত সকলোকে তেখেতে আহ্বান জনায়।

ভাষণ প্ৰসংগত সোণোৱালে কয়, “দেশৰ আয়ুষ খণ্ডত থকা সুযোগ-সম্ভাৱনাক উজ্জীৱিত কৰি তোলাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আয়ুষ মন্ত্ৰালয়ে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া আমাৰ আয়ুষ সামগ্ৰীয়ে বিশ্বৰ ১৮.২ বিলিয়ন ডলাৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ সমৃদ্ধশালী প্ৰাচীন চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ সৰ্বাংগীণ কল্যাণ সাধন কৰা আৰু আধুনিক চিকিৎসাৰ সমান্তৰালকৈ জন-আৰোগ্যৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰা।” বঙাইগাঁও জিলাত বিশেষকৈ গাঁওসমূহত নিহিত হৈ থকা আয়ুষৰ সুযোগ-সম্ভাৱনাবোৰক জনহিতাৰ্থে অন্বেষণ কৰিবলৈ উপস্থিত সুধীবৃন্দক সোণোৱালে লগতে আহ্বান জনায়।

বঙাইগাঁৱক ঔদ্যোগিক নগৰী হিচাপে অভিহিত কৰি সোণোৱালে আজি কয়, “বঙাইগাঁৱৰ যোগীঘোপাত মাল্টি ম’ডেল লজিষ্টিক পাৰ্কৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে চলি আছে। এই বহুমুখী সংযোগকৰণ প্ৰকল্পই নদীপথেৰে আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক নৱজাগৰণৰ সৃষ্টি কৰিব। ইয়াৰ যোগেদি বহু সংস্থাপনৰো সৃষ্টি হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱপ্ৰজন্মৰ মাজত সামুদ্ৰিক বাণিজ্য সম্পৰ্কীয় তথা সংশ্লিষ্ট অন্যান্য দক্ষতা গঢ় দিয়াৰ বাবে গুৱাহাটীত এটা সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ গঢ় দিয়াৰ আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ।” আনহাতে ১০,০০০ কোটি টকাৰ বিনিয়োগেৰে বঙাইগাঁও শোধনাগাৰৰ ক্ষমতা দুগুণ বৃদ্ধি কৰাৰ দিশতো চৰকাৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰাৰ কথা সোণোৱালে উল্লেখ কৰে আৰু কয় যে, এনেধৰণৰ বিভিন্ন পদক্ষেপে বঙাইগাঁৱক ৰাজ্যৰ অন্যতম উদ্যোগ প্ৰধান জিলা হিচাপে আগুৱাই লৈ গৈছে।

অনুষ্ঠানত লগতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, বহুকেইগৰাকী সমাজসেৱী প্ৰমুখ্যে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল।

বঙাইগাঁও জিলা ভ্ৰমণৰ মাজতে আজি জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে বিজেপিৰ বঙাইগাঁও জিলা কাৰ্যালয়ত উপস্থিত হয় আৰু উৎসাহী কাৰ্যকৰ্তাসকলক লগ পাই আনন্দ প্ৰকাশ কৰে। দলৰ উত্তৰণৰ যাত্ৰাত নিষ্ঠাৰে সেৱা আগবঢ়োৱা কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তাক আজি সন্মান যাচি তেওঁলোকৰ আশিস গ্ৰহণ কৰে সোণোৱালে। তেওঁ উল্লেখ কৰে যে, কাৰ্যকৰ্তাসকলৰ উৎসাহ-উদ্দীপনা, কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি টনকিয়াল কৰাত অভূতপূৰ্ব অৰিহণা যোগাই আহিছে। সমাজৰ চিৰজাগ্ৰত প্ৰহৰী হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সেৱা আৰু সমৰ্পণৰ মনোভাবেৰে কাম কৰি যাবলৈ কাৰ্যকৰ্তাসকলক তেওঁ আহ্বান জনায়।

অনুষ্ঠানত লগতে উপস্থিত আছিল দলৰ জিলা সভানেত্ৰী হিমানী অধিকাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও স্থানীয় বিষয়ববীয়া।

Related Articles