ভগামুখ : দিনে দিনে ৰাজ্যত বাঢ়িছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা৷ চিকিৎসাত নিয়োজিত চিকিৎসক নাৰ্চে দিনে নিশাই সেৱাৰে সুস্থ কৰি তুলিছে বহু ৰোগীক ৷ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন হোৱা কোৱাৰেনটাইন চেন্টাৰত দ্বায়িত্ববাহী বিষয়া ডা° ভাষ্কৰ শইকীয়াৰ নেতৃত্বত এটি চিকিৎসক আৰু নাৰ্চ তথা চিকিৎসাকৰ্মীৰ দলে অহৰ্নিশে আগবঢ়াই আহিছে সেৱা ৷ আজি ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ কৰ্মকৰ্তা সমাজকৰ্মী অসীম বৰুৱাই চিকিৎসালয়খনত উপস্থিত হৈ সকলো চিকিৎসক, নাৰ্চ আৰু চিকিৎসাকৰ্মীক তেওঁলোকৰ কৰ্মক শ্ৰদ্ধা জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰি কয় যে তেখেত সকলক ভগাৱান প্ৰেৰিত দূত৷ ইয়াৰ পাচতেই তেখেতে চিন্তামণিগড়, জেলেঙীটুপৰ বান বিধস্ত অঞ্চলত উপস্থিত হৈ দূৰ্গত সকলৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অতি সোনকালে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাত বহি ইয়াৰ সমাধান সূত্ৰ উলিয়াব বুলি কয়৷ ইয়াৰ পিছতে বৰুৱাই ৰাইজৰ উদ্যোগত নিৰ্মাণ হৈ থকা চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত কামৰ অগ্ৰগতি দেখি সন্তুষ্ট হয় আৰু স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সহযোগত এটি বকুল পুলি ৰোপণ কৰে৷ তেখেতৰ এই কাৰ্য্যসূচীত যোৰহাট জিলা যুৱ মৰ্চাৰ পল্লব ভট্টাচাৰ্য, কলিয়াপানী মণ্ডল যুৱ মৰ্চা সভাপতি অজয় ভট্টাচাৰ্য, যোৰহাট জিলা কিষাণ মৰ্চাৰ উপসভাপতি প্ৰহ্লাদ শৰ্মা উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…