বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ চোৰাং চিকাৰী।ৰায়মনাত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী।কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁও মহকুমাৰ ভূটান সীমান্ত এলেকাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী চিকাৰ কৰি থকা অৱস্থাতে বন সুৰক্ষা বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীৰ পৰা এটি মৃত হৰিণা পহুসহ চিকাৰীয়ে ব্যৱহাৰ কৰা ৭খন জাল আৰু জোং জব্দ কৰিছে।কচুগাঁও বনাঞ্চলৰ ছয় নম্বৰ ৰাইটত চোৰাং চিকাৰীৰ এটা বৃহৎ দলে বন্যপ্রাণী চিকাৰ কৰি থকা অৱস্থাত বন বিভাগে অভিযান চলাই তিনিজনক আটক কৰিবলৈ সক্ষম হয়।ধৃত তিনিজন হৈছে- কুসুমবিল গাঁৱৰ বাসিন্দা জীৱন টুডু, গুনুবি সৰেণ আৰু বল্লমঝোৰা গাঁৱৰ ইথোয়া বেক।ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ এটি বৃহৎ দলে প্ৰৱেশ কৰা বুলি পোৱা গোপন তথ্যৰ ভিত্তিত বন অভিযান চলাই তিনিজন চোৰাং চিকাৰীক আটক কৰে যদিও বাকীসকলে পলাই যাবলৈ সক্ষম হয়।সম্প্রতি পলাতক চোৰাং চিকাৰীসকলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…
- বিহু উদযাপনৰ বাবেই এঘৰীয়া কৰিলে ২৫টাকৈ পৰিয়ালক…
- চাৰিগৰাকী প্ৰখ্যাত পৰিব্ৰাজকৰ দৃষ্টিত ভাৰতবৰ্ষ…
- সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা…