হোলোং গুৰি চাহ বাগিচাৰ শ্ৰমিক আইন উলংঘ…

হোলোং গুৰি চাহ বাগিচাৰ শ্ৰমিক আইন উলংঘা । শ্ৰমিক কঢ়িয়াই মালবাহী ট্ৰাকত । হোলোং গুৰি চাহ বাগিচাৰ কতৃপক্ষই অসম শ্ৰমিক আইন উলংঘা কৰি নিতৌ মালবাহী ট্ৰাকত শ্ৰমিক অনা নিয়া কৰে চাহ বাগিচালৈ । এখন AS-03 BC 6106 নম্বৰৰ 709 ট্ৰাকত শ্ৰমিক অনা নিয়া কৰে ।

মন কৰিবলগীয়া যে প্ৰশাসনৰ চকুত ধুলি মাৰি এখন এম্বুলেন্সৰ জৰিয়তে মহিলা শ্ৰমিক সকলক প্ৰথমতে কিছুদূৰ কঢ়িয়াই আনি, তাৰ পিছত ট্ৰাকৰ সহায়ত বাগিচালৈ লৈ যায় । ট্রাক এনে নিৰাপদ স্থানত থোৱা হয় যাতে প্ৰশাসনৰ চকুত নপৰক।আৰু এনেদৰে দৈনিক শ্ৰমিক সকলক লৈ যোৱা ট্ৰাকখন খাটিসোণাৰ ডাকঘৰৰ সন্মুখত ৰাখি থয় । উল্লেখ্য যে, বিগত মে’ মাহৰ ১৯ তাৰিখে এনেদৰে দিহিঙ্গীয়া পাৰ চাহ বাগিচালৈ শ্ৰমিক কঢ়িয়াই অনা এখন বলেৰ’ পিক আপ বাহন খাটিসোনা চাহ বাগিচাৰ সমীপত ধোদৰ আলিত দুৰ্ঘটনাত পতিত হোৱাত প্ৰায় ৩৫ শ্ৰমিক আঘাত প্ৰাপ্ত হৈছিল ।

কিন্তু ইয়াৰ পৰাও যেন একাংশ বাগিছা কতৃপক্ষই শিক্ষা নাপালে।উলেখ্য যে হোলোংগুৰি বাগিছা কতৃপক্ষই শ্রমিক আইন উলংঘা কৰি, সকলো নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গৰু ছাগলী আদি জীৱ জন্তুৰ দৰে শ্রমিকসকলক অনা নিয়া কৰে। অবশ্যে এই ক্ষেত্ৰত সাৰ পানী যোগাই আহিছে বাগিছাখনৰ একাংশ বাগিচা প্ৰাথমিক গোটৰ বিষয় ববীয়াই।বাগিছা শ্রমিক ৰাইজৰ কথা চিন্তা নকৰি এওঁলোক বাগান কতৃপক্ষক তৈলমর্দন কৰাতহে সিদ্ধহস্ত।

Related Articles