উজনি-মাজুলী : মাজুলীৰ কাৰ্তিক চাপৰিত মাজুলী জিলা টি.এম.পি.কে, এম.এম.কে. আৰু টি.এম.এম. কেৰ উদ্যোগত আৰু ৩২ নং ৰাদাং ৰিককং সমষ্টিৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য উমা পাঠৰী লগতে আয়াং ট্ৰাষ্ট (NGO) এন.জি.অ. ৰ সহযোগত বান পীড়িত লোকসকলক সাহায্য বিতৰণ। ইতিমধ্যে ১৯৫ টা পৰিয়াল থকা গাঁওখন ভয়ানক খহনীয়াৰ কৱলত। কোনো গুৰুত্ব নাই চৰকাৰ, প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষৰ। প্ৰায় ৭০ ঘৰ মানুহ খহনীয়াৰ বাবে গৃহহীন হৈছে। জাহ গৈছে বহুতো সা-সম্পত্তি। মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ কাৰ্তিক চাপৰিত এনেদৰেই খহি গৈছে চপৰা চপৰ নিজৰ আপোন ঘৰ-বাৰী। ৰাইজৰ দাবী- আমাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লাগে, নহ’লে আমাক নিশ্চিত নিৰাপত্তা প্ৰদানৰ বাবে জিঅ’ বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ কাম কৰিব লাগে। উক্ত সামগ্ৰী বিতৰণ কার্যসূচীত এম.এম.কে. ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰেমধৰ দলে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩২ নং ৰাদাং ৰিককং সমষ্টিৰ সাধাৰণ সদস্য উমা পাঠৰী, ৩১ নং ফুলনী জাকৈবোৱা সমষ্টিৰ সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, মাজুলী জিলাৰ টি.এম.পি.কে. ৰ সভাপতি ৰাজু চিন্তে, এম.এম.কে. ৰ সম্পাদক ৰঞ্জিত গাম আৰু জিলা বিষয়ববীয়া সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…