দৈনন্দিন বাৰ্তা ডেস্ক : অৱশেষত চিকিৎসালয়ৰ পৰা মুক্তি পালে বিগ-বি অমিতাভ বচ্চনে৷ আনহাতে তেওঁৰ পুত্ৰ অভিষেকে জনালে, বিগ বিৰ শেষ ক’ৰোনা ৰিপৰ্ট নিগেটিভ আহিছে৷ যোৱা ১১ জুলাইত অমিতাভ বচ্চনা ক’ভিড ৰিপৰ্ট পজিটিভ আহে৷ সেইদিনাই ৰাতি ৭৭ বছৰীয়া অভিনেতাজনক নানাৱতী হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ তাৰ পাছত ২৩ দিন চিকিৎসাৰ অন্তত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে৷ এই খবৰ দিলে পুত্ৰ অভিনেতা অভিষেক বচ্চনে৷ অভিষেক বচ্চনে টুইটাৰত লিখিলে, দেউতা সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি পালে৷ দেউতাৰ ৰিপৰ্ট নিগেটিভ আহিছে৷ এতিয়া আমাৰ ঘৰতে বিশ্ৰাম ল’ব৷ আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে এয়া সম্ভৱ হৈছে৷ উল্লেখ্য যে ক’ৰোনাত আক্ৰান্ত হৈ অমিতাভ বচ্চন যি দিনা মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্ত্তি হৈছিল সেইদিনাই পুত্ৰ অভিষেকৰ শৰীৰত এই ভাইৰাছ ধৰা পৰিছিল৷ তেওঁকো চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়৷ ইয়াৰ পাছতে পৰিয়ালৰ আন সদস্যৰ ক’ভিড পৰীক্ষা হয়৷ লগতে ৩০ জন কৰ্মীক আইচ’লেট কৰা হয়৷ জয়া বচ্চন, ঐশ্বৰ্য আৰু আৰাধ্যৰ প্ৰথম পৰীক্ষাত নিগেটিভ আহে৷ কিন্তু দ্বিতীয় পৰীক্ষাত মাতৃ-কন্যা ঐশ্বৰ্য আৰু আৰাধ্যৰ পজিটিভ আহে৷ ইতিমধ্যে ঐশ্বৰ্য আৰু আৰাধ্য ক’ৰোনা মুক্ত হ’ল৷ অমিতাভ ঘৰলৈ উভটিলেও পুত্ৰ অভিষেক বচ্চনৰ ৰিপর্ট আজিও পজিটিভ আহে। টুইটত সেই কথা জনাই অভিষেকে লিখিছে, “দেউতা ঘৰলৈ উভতি গৈছে। বৰ্তমান বিশ্রামত থাকিব। কিন্তু কোমর্বিডিটিৰ কাৰণে মই এতিয়াও পজিটিভ। আমাৰ পৰিয়ালৰ প্রতি ইমান ভালপোৱা-প্রার্থনাৰ বাবে আপোনালোক প্রত্যেককে ধন্যবাদ। মই খুব শীঘ্ৰেই ক’ৰোনাক পৰাজিত কৰি আহিম। প্রমিজ।”
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…