
কোভিদৰ সময়ত সমগ্ৰ ভাৰতৰে অাতিথ্য সেৱা ব্যবসায়ে ভালেখিনি সংগ্ৰামৰ মাজেৰে পাৰ হোৱাৰ পাচত এতিয়া এই সেৱাই নতুন ৰূপ অাৰু অলংকাৰেৰে পুনৰ জীৱন লাভ কৰিছে ৷ এই পৰিপ্ৰেক্ষিতত অাতিথ্য সেৱা বিষয়ৰ অধ্যয়নৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদৰ আতিথ্য আৰু পৰ্যটন ব্যৱস্থাপনা বিভাগতো ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহন বৃদ্ধি পাই অাহিছে ৷ শিক্ষাৰ্থীসকলৰ পাৰদর্শিতা বৃদ্ধিৰ বাবে বিভাগটোৱে লোৱা বিভিন্ন উদ্যোগৰ ২৭ অক্টোবৰ তাৰিখে ROCK ON FIRE Chef প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ছাত্ৰছাত্ৰীসকলেই এই প্ৰতিযোগিতাৰ অায়োজন অাৰু ব্যবস্থাপনা কৰিছিল ৷

প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা প্ৰতিটো দলকে নিৰ্দিষ্ট ৩ঘণ্টাৰ ভিতৰত পাঁচটা কোৰ্চৰ মেনু প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল ৷ প্ৰতিটো দলেই নিজৰ প্ৰস্তুতি সজাই পৰাই পেছাদাৰী দক্ষতাৰে উপস্থাপন কৰিছিল। ৰাজ্যৰ প্ৰিমিয়াম হোটেলত কৰ্মৰত তিনিজন প্ৰশিক্ষিত অাৰু অভিজ্ঞ চেফ ক্ৰমে কাৰ্যবাহী চেফ বিশন সিং নেগী (নভোটেল), চেফ কাঞ্চন আচাৰজী, (ৰেডিছন ব্লু ) আৰু চেফ চাম হুন চাখাপ, (কিৰণশ্ৰী গ্ৰেণ্ড) এই অনুষ্ঠানৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। বিচাৰকৰ ভাষণত চেফ কেইগৰাকীয়ে ছাত্ৰছাত্ৰীসকলক নিজৰ অভিজ্ঞতাৰ প্ৰসংগেৰে পেছাদাৰী মনোভাবেৰে কাম কৰিবলৈ উদগণি যোগায় ৷ অনুষ্ঠানৰ অাৰম্ভণিতে অতিথিকেইগৰাকীক বিশ্ববিদ্যলয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

বিভাগৰ মুৰব্বী ডাঃ ভোলা চৌৰছিয়াইৰ অাদৰণি ভাষণেৰে সভা অাৰম্ভ হয় ৷ এই প্ৰখ্যাত চেফসকলক ওচৰৰ পৰা লগ পোৱাটো ছাত্ৰছাত্ৰীসকলৰ বাবে ভাবিব নোৱৰা অভিজ্ঞতা অাছিল অাৰু তেওঁলোকে সেই অভিজ্ঞতা উপভোগ কৰিছিল ৷ প্ৰতিযোগিতা অাৰু সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰিছিল অধ্যাপক সদস্য আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে। সভাত বিজয়ী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷




