আজি ৩০ অক্টোবৰ দিনটো আমাৰ সকলোৰে বাবে এটা দুঃসময়ৰ দুঃস্বপ্নৰ দিন আছিল ৷তেওঁলোকক শ্ৰদ্ধাঞ্জলী আৰু পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰি , বুকুৰ বেদনাৰ কাপেৰে একলম অৰ্পণ কৰিছোঁ সশ্ৰদ্ধাৰে ৷

জীৱন নাটৰ বলুকা বনত বকুল বুটলিবলৈ খোজ পেলাওতে
সাতোৰঙ আৰু তুলিকাৰে ৰামধেনু আঁকিব খোঁজোতেই
বিস্ফোৰণৰ শব্দই হৃদপিণ্ড মগজু মাংসপিণ্ডত পৰিণত
অনামী দুৰ্গন্ধময় ধোঁৱাৰ পৰশত পখালিলা স্বপ্নবোৰ

তোমালোকে সৰগৰ অতিথি গৃহৰ আলহী হ’লা
তোমালোকৰ মৰ্ত্যৰ গৃহস্থৰ খবৰৰ বাবে আৰ্তনাদ
তোমালোকৰ আত্মা আৰু তেওঁলোকৰ আত্মা !!!
কাৰোবাৰ কপালৰ বেলিটো আৰু সৰলৰেখাডাল
কাৰোবাৰ বুকু উকা কাৰোবাৰ আক হাতখন চিগি পঙ্গু

ন্যায়ৰ হামখুৰিয়াত তাঁত বাটি কৰোতে গোৰোহাত চিৰাল
হৃদয়ত বিষাদৰ নিনাদ বন্যাৰ নিৰবধি গতি
মনৰ দিঙৰাত দুখ-যান্তনাৰ জীয়া ছবিৰ দস্তাবেজ
মুৰকত মেলানি মাগিব মন সৰগলৈ , অন্ধভাগ্যক ধিয়াই

মলয়াত হাঁহি এটা ভাহি অহা যেন লাগিল !!!
আচলতে তোমালোকে অট্টহাস্য কৰিছা নহয় !!!
মোৰ দেশৰ বেশ-ভেশ আৰু ৰঙ্গমঞ্চৰ নাট দেখি
নাহাঁহিবা , তোমালোকে এৰি যোৱা ৰঙ্গমঞ্চ চাই
তৰাৰ দেশত জোনৰ লগতে থাকা নিৰাপদে কুশলে কুটুমৰ হিয়াভগা কান্দোনত চকু টিপিয়াই দিবা
তোমাৰ তাৰাকাৰ তৰা হৈ থকা দেশৰ পৰা
(কলা দিৱস নালাগে ৷ সেউজীয়া দিৱস উদযাপন হ’লেহে , ক্ৰন্দনশীলা আত্মাই শান্তি পাব ৷ সেই সুদিনৰ কামনাৰে প্ৰাৰ্থনা শ্ৰীহৰিৰ চৰণত ৷)
গীতাঞ্জলী হাজৰিকা
শিৱসাগৰ
দিনাংক- ৩০/১১/২০২২

