মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ প্ৰদান কৰি অহা বাৰ্ষিক মুনীন বৰকটকী সাহিত্য বঁটা, ২০২২ আজি ঘোষণা কৰা হৈছে৷ ২০২২ বৰ্ষৰ ২৮ সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা যুৱ গল্পকাৰ উপাসনা শইকীয়ালৈ ’ হালধীয়া জোতা শীৰ্ষক চুটিগল্প পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে৷ ১৯৯৫ চনৰ পৰা অসমীয়া ন লেখক-লেখিকাসকলক উদগনি জনোনাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০,০০ (পঞ্চাছ হাজাৰ) টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ৷
‘মুনীন বৰকটকী বঁটা’ৰ বিষয়ে কিছু তথ্য
বিশিষ্ট সাহিত্যিক-সাংবাদিক মুনীন বৰকটকীৰ নামত প্ৰৱর্তিত (তিনিখনতকৈ অনাধিক গ্ৰন্থ প্ৰকাশ পোৱা চল্লিছ বছৰ অনূর্ধ্বৰ লেখক-লেখিকাক প্ৰদান কৰা) এই বঁটা প্ৰকাশিত গ্ৰন্থ অথবা পাণ্ডুলিপিক প্ৰদান কৰা হয়।
প্ৰতি বছৰে প্ৰদান কৰি অহা এই বঁটা লাভ কৰা
সাহিত্যিকসকল হ’ল—
১৯৯৫ত ৰবীন শর্মা আৰু শিৱানন্দ কাকতি,
’৯৬ত লুটফা হানুম চেলিমা বেগম আৰু ডাঃ ভৃংগেশ্বৰ শর্মা,
’৯৭ত অনুভৱ তুলসী,
’৯৮ত কুল শইকীয়া,
’৯৯ত বিতোপন বৰবৰা আৰু ৰাজীৱ বৰুৱা,
২০০০ত মৌচুমী কন্দলী,
’০১ত নৱনীতা গগৈ আৰু মুনীন বায়ন,
’০২ত হেমাংগ কুমাৰ দত্ত আৰু গংগামোহন মিলি,
’০৩ত কুশল দত্ত আৰু মনোজ বৰপূজাৰী,
’০৪ত মনালিছা শইকীয়া আৰু মণিকুন্তলা ভট্টাচার্য,
’০৫ত মণিকা দেৱী আৰু ধ্ৰুৱজ্যোতি শৰ্মা,
’০৬ত অজিৎ গগৈ আৰু আব্দুছ ছামাদ,
’০৭ত অনামিকা বৰা আৰু বিজয় শংকৰ বৰ্মন,
’০৮ত গীতালি বৰা আৰু কমল কুমাৰ তাঁতী,
’০৯ত দিগন্ত ওজা আৰু ৰত্না ভৰালী তালুকদাৰ,
’১০ত অৰূপ নাথ আৰু ৰূপলেখা দেৱী ,
’১১ত ৰশ্মিৰেখা বৰা আৰু অৰিন্দম বৰকটকী,
’১২ত শর্মিষ্ঠা প্ৰীতম আৰু সঞ্জীৱ পল ডেকা,
’১৩ত মৃদুল হালৈ আৰু অপু ভৰদ্বাজ,
’১৪ত দিব্যজ্যোতি বৰা আৰু তুলিকা শইকীয়া,
’১৫ত প্ৰতীম বৰুৱা আৰু জ্যোতি খাটনিয়াৰ,
’১৬ত ভাস্কৰ ঠাকুৰীয়া,
’১৭ত ডালিম দাস,
’১৮ত দেৱভূষণ বৰা,
’১৯ত অংকুৰ ৰঞ্জন ফুকন আৰু মনোৰঞ্জন বড়ি,
’২০ত অভিজিৎ বৰা,
’২১ত প্ৰদ্যুম্ন কুমাৰ গগৈ
আৰু ২০২২ত উপাসনা শইকীয়া৷

