দেৰগাঁৱৰ ওপৰ টেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত মিচিং আগম কৌবাং গোলোং টেমেৰা আঞ্চলিকৰ উদ্যোগত “৩৮তম মিচিং ভাষা দিৱস”; লেখক ডিম্বেশ্বৰ মৰাংৰ এখন গ্ৰন্থ উন্মোচন ।

আজি দেৰগাঁৱৰ সমীপবৰ্তী ওপৰ টেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত মিচিং আগম কৌবাং গোলোং টেমেৰা আঞ্চলিকৰ উদ্যোগত “৩৮তম মিচিং ভাষা দিৱস”উদযাপিত হয়। উক্ত অনুষ্ঠানতে লেখক ডিম্বেশ্বৰ মৰাংৰ নৱতম গ্ৰন্থ এজনী দৰিদ্ৰ মিচিং যুৱতীৰ জীৱন সংগ্ৰামৰ আধাৰত লিখা ধুমুহাত বিধ্বস্ত পখীৰ গান উন্মোচন কৰে বিশিষ্ট লেখক বিজু বৰিয়ে।মিচিং জনগোষ্ঠীৰ বিশিষ্ট শিল্পী হিৰণ্য পেগুৰ সংগীতেৰে অনুষ্ঠানতো অধিক জীপাল হৈ পৰে। মিছিং জনজাতিৰ উত্তৰনৰ ক্ষেত্ৰত পদক্ষেপ লৈ থকা বহুকেইজন ব্যক্তিৰ লগতে অঞ্চলটোৰ সমাজ সেৱক যুৱ সংগঠক প্ৰশান্ত লইং , মিচিং আগম কেবাঙৰ গোলুং টেমেৰা সম্পাদক নিপুণ লইংৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে ।

Related Articles