দৈনন্দিন বাৰ্তা ডেস্ক : ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে অযোধ্যাত উপস্থিত হ’ব ৷ মহানগৰখনত প্ৰধানমন্ত্ৰীয়ে তিনি ঘণ্টা কটাব ৷ সেই সময়তে প্ৰধানমন্ত্ৰীয়ে ভগৱান হনুমান মন্দিৰ দৰ্শন কৰিব ৷ উল্লেখ্য যে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে এই আধাৰশিলা অনুষ্ঠানৰ বাবে ১৭৫ জন অতিথি নিমন্ত্ৰণ কৰিছে ৷ ইয়াৰ ভিতৰত ১৩৫ জন আধ্যাত্মিক ব্যক্তি আছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে অযোধ্যালৈ পুৱা ৯.৩৫ বজাত নতুন দিল্লীৰ পৰা যাত্ৰা কৰিব ৷ দিনৰ ১০.৩৫ বজাত লক্ষ্ণৌ বিমানবন্দৰত অৱতৰণ কৰিব ৷ তাৰ পাচত ১০.৪০ বজাত অযোধ্যা অভিমুখে হেলিকপ্টাৰেৰে তেওঁ ৰাওনা হ’ব ৷ ১১.৩০ বজাত অযোধ্যাৰ ছাকেট কলনিৰ হেলিপেড পাবগৈ ৷ ১১.৪০ বজাত হনুমান গাৰহি দৰ্শন কৰিব ৷ ১২ বজাত ৰাম জন্মভূমি পাবগৈ প্ৰধানমন্ত্ৰী ৷ আনহাতে ৰাম লালা ১০ মিনিট দৰ্শন কৰিব ৷ তদুপৰি ১২.১৫ বজাত গছপুলি ৰোপন অনুষ্ঠানত থকাৰ পাচত ১২.৩০ বজাত ভূমি পূজা আৰম্ভ হ’ব ৷ ১২.৪০ বজাত আধাৰশিলা অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইয়াৰ উপৰি ১.১০ বজাত ৰাম জন্মভূমি ট্ৰাষ্টৰ স্বামী নৃত্য গোপাল দাস আৰু আন সদস্যৰ লগত সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে ২.০৫ বজাত ছাকেট হেলিপেডৰ পৰা পুনৰ উভি যাব আৰু ২.২০ বজাত লক্ষ্ণৌ পাবগৈ ৷ উল্লেখ্য যে এই আধাৰশিলা স্থাপনৰ বাবে ৫ কিলোগ্ৰাম সোণ আৰু ২০ কিলোগ্ৰাম ৰূপৰ ইটা ব্যৱহাৰ কৰা হ’ব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…
- ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ….