দৈনন্দিন বাৰ্তা ডেস্ক : জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে গিৰিশ চন্দ্ৰ মুৰ্মুৰ উত্তৰসুৰী হিচাপে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মনোজ সিনহাক নিযুক্তি দিয়া হৈছে৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা দিয়া বিবৃতিত এই কথা প্ৰকাশ৷ বিবৃতিটোত কোৱা হৈছে যে জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল গিৰিশ চন্দ্ৰ মুৰ্মুৰ ইস্তফা ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে৷ নতুন উপৰাজ্যপাল হিচাপে মনোজ সিনহাক নিয়োগ কৰিছে ৰাষ্ট্ৰপতিয়ে৷ ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্তা পোৱাৰ পাচত ৬১ বছৰীয়া মনোজ সিনহাই কয়, গুৰু দায়িত্ব পাইছো৷ আজিয়েই কাশ্মীৰ ৰাওনা হম৷ মুৰ্মুৰ দৰে দক্ষ আমোলাৰ উত্তৰসুৰী হিচাপে মনোজ সিনহাৰ দৰে ৰাজনৈতিক ব্যক্তিক বাচি দিয়াত নৰেন্দ্ৰ মোডী চৰকাৰে এইবাৰ উপত্যকাটোত ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাৰ্তা দিছে বুলি লক্ষ্য কৰিছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে হ’ল ৩৭০ ধাৰা বাতিল আৰু জম্মু-কাশ্মীৰা বিশেষ ৰাজ্য মৰ্যাদা বিলোপ কৰাৰ আনুষ্ঠানিক অনুমোদনৰ বৰ্ষপূৰ্তি৷ এনে সময়তে উত্তৰ প্ৰদেশৰ বিজেপি নেতা মনোজ সিনহাৰ নিযুক্তি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ) প্ৰাক্তন ছাত্ৰ মনোজ সিনহাৰ ৰাজনৈতিক জীৱন ১৯৮২ চনত আৰম্ভ হয়৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হৈছিল৷ ১৯৯৬, ১৯৯৯ আৰু ২০১৪ চনত উত্তৰ প্ৰদেশৰ গাজিপুৰ সমষ্টিৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল৷ ২০১৪-১৯ চনত তেওঁ কেন্দ্ৰৰ ৰে’ল আৰু টেলিকমৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আছিল৷ কিন্তু ২০১৯ চনত তেওঁ বিএছপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল৷ কেন্দ্ৰৰ এক সূত্ৰ মতে কম্পট্ৰ’লাৰ এণ্ড অ’ডিটৰ জেনেৰেল ৰাজীৱ মহৰ্ষিৰ স্থলাভিষিক্ত হ’ব মুৰ্ম৷ ১৯৮৫ চন বেটছৰ গুজৰাট কেডাৰ আইএএছ মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ মোডী মুখ্যমন্ত্ৰী হৈ থকা সময়ত মুৰ্মুয়ে গুজৰাটৰ একাধিক পদত কাম কৰিছিল৷ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত বিত্ত মন্ত্ৰালয়ৰ যুটীয়া সচিব আছিল৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…
- মহাৰাষ্ট্ৰ কংগ্ৰেছে নিদিলে এজনো মুছলমান প্ৰাৰ্থী, দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ…
- লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত কমিল ভোটদানৰ হাৰ, বিভিন্ন ঠাইত ভোট বৰ্জনৰ ঘটনা…
- বিশ্বত প্ৰথমবাৰৰ বাবে ছালৰ কৰ্কট ৰোগৰ ভেকছিনৰ সফল পৰীক্ষণ সম্পন্ন…
- ২৬/১১ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামে লাভ কৰিলে বিজেপিৰ টিকট
- কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ যুঁজঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
- কৰ্ণাটকত কংগ্ৰেছৰ ক্ষতি কৰিছে ডি কে শিৱকুমাৰ বা সিদ্ধাৰামাইয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…