ভগামুখ : নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ থেলি দিব বিচৰা ড্ৰাগছৰ কু-চক্ৰক উভালি পেলোৱাৰ বাবে এইবাৰ টীয়কৰ প্ৰতিটো দল-সংগঠনে একেলগে আৰম্ভ কৰিছে সংগ্ৰাম ৷ সকলো টীয়কবাসী ৰাইজৰ সহযোগত আজি টীয়ক আৰক্ষী থানাৰ সন্মুখত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়ক আঞ্চলিক, লাচিত সেনাকে ধৰি বহু সংগঠনে একেলগে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইয়াৰ পিছতে যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ সৈতে প্ৰতিবাদকাৰীসকলৰ টীয়ক আৰক্ষী থানাত এক দীঘলীয়া আলোচনাচক্ৰ অনুস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷ আৰক্ষী অধীক্ষক গৰাকীয়ে অতিশীঘ্ৰে ইয়াৰ সৈতে জড়িত দোষী সকলক শাস্তি প্ৰদান কৰা হ’ব বুলি কয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…