Breaking

কাটাৰ বিশ্বকাপত নাথাকিব এইসকল তাৰকা খেলুৱৈ। কোন কোন চাওক।

0 70

মেছি–নেইমাৰ–ৰোণাল্ডোৰ খেল চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে বিশ্বই। কিন্তু এইবাৰৰ বিশ্বকাপত দেখা নাযাব এইসকল তাৰকাক।

মহম্মদ ছালাহ – ক্লাব ফুটবলত শক্তিৰে খেলিছিল মহম্মদ ছালহা । তেওঁ লিভাৰপুলৰ আক্ৰমণাত্মক লাইনৰ মূল ভেটি। বৰ্তমান বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ছালহা। তেওঁৰ দেশ ইজিপ্তেও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

 মহম্মদ ছালাহ – মহম্মদ ছালহাই ক্লাব ফুটবলত শক্তিৰে খেলিছিল। তেওঁ লিভাৰপুলৰ আক্ৰমণাত্মক লাইনৰ মূল ভেটি। বৰ্তমান বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ছালহা। তেওঁৰ দেশ ইজিপ্তেও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

ডনাৰুমা – যোৱা বছৰ ইটালীৰ ইউৰো জয়ৰ নায়ক আছিল গ’লৰক্ষক ড’নাৰুমা। বিশ্বকাপৰ মঞ্চত তেওঁক সকলোৱে মিছ কৰিব। কাৰণ ২০১৮ চনৰ বিশ্বকাপৰ দৰে ইটালীয়েও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

জৰ্জিঅ’ চিয়েলিনি – তেওঁ ইটালীৰ প্ৰতিৰক্ষাৰ শ্ৰেষ্ঠ স্তম্ভ। ইউৰো জয় কৰাত তেওঁৰ ডাঙৰ ভূমিকা আছিল। কিন্তু তাইক দেখা যাব বিশ্বকাপত। বৰ্তমান তেওঁৰ বয়স ৩৮ বছৰ। ফলত তেওঁক বিশ্বকাপত দেখা পোৱা নাযাব।

 জৰ্জিঅ’ চিয়েলিনি - তেওঁ ইটালীৰ প্ৰতিৰক্ষাৰ শ্ৰেষ্ঠ স্তম্ভ। ইউৰো জয় কৰাত তেওঁৰ ডাঙৰ ভূমিকা আছিল। কিন্তু তাইক দেখা যাব বিশ্বকাপত। বৰ্তমান তেওঁৰ বয়স ৩৮ বছৰ। ফলত তেওঁক বিশ্বকাপত দেখা পোৱা নাযাব।

ডেভিড আলাবা – ডেভিড আলাবা ক্লাব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। কিন্তু তেওঁৰ দেশ অষ্ট্ৰিয়াই যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ বাবে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত দেখা নাপাব ৰিয়েল মাদ্রিদৰ ফুটবলাৰগৰাকীক।

ৰিয়াদ মাহৰেজ – মাহৰেজে মানচেষ্টাৰ চিটিৰ বাবে নিজৰ নামৰ পৰিচয় দিছিল। কিন্তু তেওঁৰ দেশ আলজেৰিয়াই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। কাটাৰ বিশ্বকাপত খেলিব নোৱাৰিব এই উইংগাৰগৰাকীক।

 ৰিয়াদ মাহৰেজ - মাহৰেজে মানচেষ্টাৰ চিটিৰ বাবে নিজৰ নামৰ পৰিচয় দিছিল। কিন্তু তেওঁৰ দেশ আলজেৰিয়াই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। কাটাৰ বিশ্বকাপত খেলিব নোৱাৰিব এই উইংগাৰগৰাকীক।

আৰ্লিং হলণ্ড – মানচেষ্টাৰ চিটিৰ নৰৱেৰ ফুটবলাৰগৰাকীয়ে ১৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। কিন্তু তেওঁৰ দেশ নৰৱেই কাটাৰত অনুষ্ঠিত বিশ্বকাপত স্থান লাভ কৰিব নোৱাৰিলে।

টিমো ৱাৰ্নাৰ- জাৰ্মান ফৰৱাৰ্ড টিমো ৱাৰ্নাৰ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰিছে। ২০২৩ চনৰ পূৰ্বে খেলপথাৰলৈ ঘূৰি নাহে লেইপজিগৰ ফৰৱাৰ্ডগৰাকী।

 টিমো ৱাৰ্নাৰ- জাৰ্মান ফৰৱাৰ্ড টিমো ৱাৰ্নাৰ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰিছে। ২০২৩ চনৰ পূৰ্বে খেলপথাৰলৈ ঘূৰি নাহে লেইপজিগৰ ফৰৱাৰ্ডগৰাকী।

পল পগবা – পল পগবা যোৱাবাৰ ফ্ৰান্সৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে জুভেন্টাছৰ তাৰকাগৰাকী। সেয়ে তেওঁ ফ্ৰান্সৰ জাৰ্চি পিন্ধি বিশ্বকাপত খেলিব নোৱাৰিব।

এনজল’ কণ্টে – যোৱা বিশ্বকাপত ফ্ৰান্সৰ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল এনজল’ কণ্টে কিন্তু এইবাৰ আঘাতৰ বাবে তেওঁক কাটাৰতো দেখা যাব।

 এনজল’ কণ্টে - যোৱা বিশ্বকাপত ফ্ৰান্সৰ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল এনজল’ কণ্টে কিন্তু এইবাৰ আঘাতৰ বাবে তেওঁক কাটাৰতো দেখা যাব।

ফক কেচিয়ে – আইভৰি কোষ্টে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ বাবে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত খেলা দেখা নাযাব এই বাৰ্চিলোনাৰ ফুটবলাৰগৰাকীক।

Leave A Reply