Breaking

ইৰাণৰ ফুটবল খেলুৱৈসকলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন খেলৰ আগতে নাগালে ৰাষ্ট্ৰীয় সংগীত…

0 42

বিশ্বকাপ হৈ পৰিল ইৰাণৰ ফুটবলাৰসকলৰ প্ৰতিবাদৰ মঞ্চ! ইৰাণৰ ফুটবল খেলুৱৈসকলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন খেলৰ আগতে নাগালে ৰাষ্ট্ৰীয় সংগীত। আলিৰেজা বেইৰনবন্দ, চাদগে মহাৰমিৰ দলটোৱে তেওঁলোকৰ নিজৰ দেশত চৰকাৰ বিৰোধী  অৰ্থাৎ হিজাব বিৰোধী প্ৰতিবাদৰ সমৰ্থনত এই সিদ্ধান্ত গ্ৰহণ কৰে।

ইৰাণৰ অধিনায়ক আলিৰেজা জাহানবখছে খেলপথাৰত নমাৰ আগতে কৈছিল যে সোমবাৰে মধ্য দোহাৰ পৰা পাঁচ কিলোমিটাৰ পশ্চিমে খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে উদ্বোধনী খেলৰ পূৰ্বে দেশখনৰ চৰকাৰ বিৰোধী আন্দোলনৰ সমৰ্থনত ৰাষ্ট্ৰীয় সংগীত গাব নে নাগাব সেই সন্দৰ্ভত এটা দলীয় সিদ্ধান্ত লোৱা হ’ব। দলটোৱে যি সিদ্ধান্ত লয়, সেই পথেই লোৱা হব।

সেইদৰে, সোমবাৰে কিক-অফৰ আগতে, যেতিয়া দোহাৰ খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ইৰাণৰ ৰাষ্ট্ৰীয় সংগীত বজোৱা হৈছিল তেতিয়া ইৰাণৰ ফুটবলাৰসকলৰ মৌন মুখবোৰ ধৰা পৰিছিল। তেওঁলোকে ৰাষ্ট্ৰীয় সংগীত গোৱা নাছিল। কাৰ্লোচ কুইৰোজৰ বাহিনীয়ে ইজনে সিজনৰ কান্ধত ধৰি শান্তভাৱে থিয় হৈ আছিল। দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। একে সময়তে প্ৰতিবাদৰ বাৰ্তাও স্পষ্ট হৈ পৰিল।

Leave A Reply