টছত জয়লাভ বাংলাদশৰ। প্ৰথম বেটিং কৰিব টীম ইণ্ডিয়াই

বাংলাদেশে টছত জয়লাভ কৰে, প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় টিম ইণ্ডিয়াক। ভাৰত আৰু বাংলাদেশৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ অন্তিমখন খেল চট্টোগ্ৰামৰ জাহুৰ আহমেদ চৌধুৰী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। কে এল ৰাহুলৰ অধিনায়কত্বত থকা দলটোৱে এই মেচত সন্মান ৰক্ষাৰ বাবে খেলিছে। ইতিমধ্যে ছিৰিজৰ প্ৰথম দুখন মেচত পৰাস্ত হৈ শৃংখলাটো হেৰুৱাই পেলাইছে। এছিয়াৰ দেশখনৰ সন্মুখত এতিয়া দ্বিতীয়বাৰৰ বাবে বগা ৰঙৰ ৰূপ লোৱাৰ বিপদত পৰিছে টিম ইণ্ডিয়া।

বাংলাদেশৰ খেলা ১১

অনামুল হক, লিটন দাস (গ), চাকিব আল হাছান, ইয়াছিৰ আলী, মুছফিকুৰ ৰহিম (wk), মাহমুদুল্লাহ, আফিফ হোছেইন, মেহদি হাছান মিৰাজ, এবাদাত হোছেইন, মুস্তাফিজুৰ ৰহমান, তাস্কিন আহমেদ।টিম ইণ্ডিয়াৰ খেল ১১

ঈশান কিষাণ, শিখৰ ধাৱন, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ, উমৰাণ মালিক, কুলদীপ যাদৱ, শাৰদুল ঠাকুৰ

যোৱা এদিনীয়া খেলখনত বাংলাদেশে টছত জয়লাভ কৰিছে। বাংলাদেশ দলৰ অধিনায়ক লিটন দাসে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। এই মেচত প্ৰথমে বেটিং কৰিব টিম ইণ্ডিয়াই।

Related Articles