ডিজিটেল ভোটদান

অংশুমান ভূঞা

ভোটদান নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ। এই অধিকাৰ সাব্যস্ত কৰিবলৈ নাগৰিকৰ মাজত উৎসাহ লক্ষ্য কৰা যায়। কাৰণ এটা এটা মূল্যবান ভোটে জনগণৰ ভৱিষ্যৎ ভাগ্য নিৰ্ণয় কৰে। সেই মূল্যৰ বাবেই বিষয়টোক গুৰুত্ব দি ঘৰৰ বাহিৰত থকাজনো যথা সময়ত ভোট দিবলৈ নিজ গৃহত উপস্থিত হয়। বৰ্তমান কথাই কথাই ‘ডিজিটেল যুগ’ৰ কথা কোৱা হয়। সাম্প্ৰতিক কৰ’নাই স্বাভাৱিক জীৱন আৰু কৰ্ম ব্যাহত কৰি পেলোৱাৰ সময়তো আমাৰ ইণ্টাৰনেট নিৰ্ভৰতা স্পষ্ট হৈ উঠিছে। এতিয়া কথা হ’ল যে ভোটদান প্ৰক্ৰিয়াও যদি হাততে থকা মোবাইলটোৰ জৰিয়তেও সম্পন্ন কৰিব পৰা হয়, তেন্তে বহু লোকৰে সুবিধা হ’ব। যিসকল লোক ঘৰৰ পৰা দূৰত থকাৰ বাবে ভোটদানৰ পৰা বঞ্চিত হয়, তেওঁলোকে অনায়াসে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিৰ কমাৰ ফলত দীঘলীয়া শাৰীত বোন্দাপৰ দি থকাৰ সমস্যাও কমিব। বহুসংখ্যক লোকে নিজৰ ঘৰৰ পৰাই ভোটদান কৰাৰ ফলত কেন্দ্ৰবোৰত দলীয় সমৰ্থকৰ দাদাগিৰি, হতাহতি, ৰিগিঙৰো কিছু অৱসান আশা কৰিব পাৰি। ভোটদানৰ প্ৰতি গা কৰি উঠা উদাসীনতা নাশতো ই সহায়ক হ’ব। অৱশ্যে বৰ্তমান চাইবাৰ অপৰাধৰ ক্ষেত্ৰখন অবিশ্বাস্য। দুষ্ট চক্ৰই এই ব্যৱস্থাক কু-পথে নিয়াৰ চেষ্টা নিশ্চয় চলাব। গতিকে এই ব্যৱস্থাৰ ফলপ্ৰসূ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা নিশ্চয় থাকিব।সেয়ে সুবিধা-অসুবিধা এই সকলোবোৰ দিশ চালি-জাৰি চাই বিশেষজ্ঞসকলে বিষয়টোৰ কথা ভাবিব পাৰে। ডিজিটেল ইণ্ডিয়াৰ কথা কৈ অহা নেতাগণে তেওঁলোকক নিৰ্বাচন কৰা প্ৰক্ৰিয়াটোক আৰু অলপ ডিজিটেল কৰাৰ কথা চিন্তিব পাৰে।

Related Articles