সমগ্ৰ ৰাজ্যৰ মহিলাসকলক অৰ্থনৈতিক আৰু পুষ্টিজনিত সুৰক্ষা প্ৰদানৰ সুবিধাৰ্থে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী অৰুণোদয় ২.০ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয়ে ৰাজ্যৰ মহিলাসকলক দিয়া অপৰিসীম সকাহৰ কথা বিবেচনা চৰকাৰে অৰুণোদয় ২.০ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। এই আঁচনিখন ২০২০-২১ বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ভিতৰত অন্যতম অগ্ৰণী উদ্যম হিচাপে পৰিগণিত হৈছে।অৰুণোদয় ২.০ৰ অধীনত ১০.৫০ লাখ নতুন হিতাধিকাৰী সংযোজন কৰা হ’ব যাতে আৰ্তজনক চৰকাৰী সহায় আগবঢ়াব পৰা যায়।
এই উপলক্ষে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লেকাৰ, প্ৰধান আৱাসী আয়ুক্ত ৰাজীৱ যোশী উপস্থিত থাকে। এতিয়াৰে সলনি হৈছে অৰুণোদয়ৰ নিয়ম।পুৰুষসকলেও পাব অৰুণোদয়ৰ ধন।দুচকীয়া বাহন থকাসকলেও পাব অৰুণোদয়ৰ ধন।ভাড়াত চলোৱা ট্ৰেক্টৰ যদি থাকে তেন্তে আপুনি লাভ কৰিব অৰুণোদয়।ফ্ৰীজ, AC থকা সকলেও পাব অৰুণোদয়ৰ সুবিধা।পকী ঘৰ নথকা সকলোৱে হ’ব অৰুণোদয়ৰ হিতাধিকাৰী।

