মুকালমুৱাৰ ঘোগত ঘোগা স্পোৰ্টচ ক্লাৱৰ সৌজন্যত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়াকৈ অয়োজন কৰা হৈছে এখন দিবা নৈশ ভলীবল প্ৰতিযোগীতা।প্ৰথম দিনাৰ খেলত অংশ গ্ৰহণ কৰে দুটা শক্তিশালী দলে।ঘোগা স্পোৰ্টচ ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হোৱা দিবা-নৈশ ভলীবল প্ৰতিযোগীতাৰ উদ্ধোধনী খেলখনত বাপুকন ভলীবল দলক হৰুৱাই আফ্ৰীন ভলীবল দলে জয় লাভ কৰে।খেল খন উপভোগ কৰিবলৈ অসংখ্য দৰ্শকৰ সমাবেশ ঘটে ক্লাৱৰ সভাপতি ইমৰান হুছেইন আৰু ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইনৰ উপস্থিতিত খেল খন উদ্বোধন কৰে বিশিষ্ট সমাজ কৰ্মী মস্তোফা আলীয়ে।

প্ৰৱল শীতকো নেউচি নিশা অনুষ্ঠিত হোৱা নৈশ ভলীবল প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ অঞ্চলটোৰ অসংখ্য দৰ্শকৰ সমাগম হয়। দৰ্শক সকলে আনন্দ উল্লাহেৰে নৈশ ভলীবল প্ৰতিযোগিতাখন উপভোগ কৰে।
মুকালমুৱাৰ পৰা শংকৰ দাস প্ৰতিবেদন

