দৈনন্দিন বাৰ্তা ডেস্ক : ঘৰুৱা বিমানত এতিয়াৰ পৰা পেকেটত থকা খোৱা বস্তু, স্নেকছ আৰু পানীয় পৰিৱেশন কৰা হ’ব ৷ এই নিৰ্দেশ দিছে কেন্দ্ৰই৷ আনকি আন্তৰ্জাতিক উৰণত এতিয়াৰ পৰা পেকেটত থকা গৰম খাদ্য পৰিৱেশন কৰাৰ অনুমতি দিয়া হৈছে ৷ আনহাতে বিমানত কোনো যাত্ৰীয়ে মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰিলে তেওঁক বিমানৰ পৰা নামি যাবলৈ নিৰ্দেশ দিব ৷ আনকি সেই যাত্ৰীক “ন’ ফ্লাই” তালিকাত কিম্বা ক’লা তালিকাভূক্ত কৰাব পাৰিব বিমান কোম্পানীয়ে ৷ বিমান নিয়ন্ত্ৰক ডিজিচিএৰ এজন বিষয়াই এই কথা জনাইছে ৷ ক’ৰোনা মহামাৰীৰ বাবে দীৰ্ঘ দিন বন্ধ আছিল বিমান চলাচল ৷ ২৫ মে’ৰ পৰা ঘৰুৱা বিমান চলাচল আৰম্ভ হ’লেও যাত্ৰীৰ খোৱা পৰিৱেশনত নিষেধাজ্ঞা জাৰি কৰা আছিল ৷ আন্তৰ্জাতিক উৰণত যাত্ৰীক কেৱল পেকেটত থকা ঠাণ্ডা খোৱা বস্তু আৰু পানী দিয়া হৈছিল ৷ তদুপৰি বিমান যাত্ৰাৰ সময়ৰ ওপৰত বহু নিৰ্ভৰ কৰিছিল ৷ উৰণত যাত্ৰীৰ খোৱা বস্তু পৰিৱেশনৰ ক্ষেত্ৰত বিধি নিষেধ উঠালেও দেশত ক’ৰোনা সংক্ৰমণ বাঢ়ি আছে ৷ যোৱা ২৪ ঘণ্টাত দেশত সংক্ৰমিত হৈছে ৭৭,২৬৬ জন। দেশত মুঠ আক্ৰান্ত হৈছে ৩৩,৮৭,৫০০ জন৷ আনহাতে দেশত ক’ৰোনাত মুঠ মৃত্যু হৈছে ৬১,৫২৯ জনৰ ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…
- পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…
- ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…
- উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…
- ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ বিশেষ টিকট মুকলি…
- উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা, ভূ-বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মী…
- Laapataa Ladiesত অভিনয় কৰা নিতাংশী গোৱেল কোন? যাৰ অভিনয়ে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিছে…
- আই পি এলঃ ৰাহুলক ককৰ্থনা LSGৰ স্বত্বাধিকাৰ সঞ্জীৱ গোৱেংকাৰৰ! অনুৰাগীৰ খং…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…