Breaking

৭ ছেপ্টেম্বৰৰ পৰা মুকলি মেট্ৰ’ ৰে’ল

0 1,316

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শিক্ষানুষ্ঠান পুনৰ খোলাৰ লগতে ছুইমিং পুল, ক্ৰীড়া, বিনোদন আদি পুনৰ আৰম্ভ কৰাক লৈ দেশত চৰ্চা হৈ আছিল ৷ সেই সকলো চিন্তা চৰ্চাৰ অৱসান ঘটাই জনোৱা হ’ল অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত দেশজুৰি কনটেনমেণ্ট জ’নত লকডাউন চলি থাকিব ৷ ইয়াৰ বাদে আনলক ৪ৰ নীতি নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ৷ অহা মাহৰ পৰা বহু ক্ষেত্ৰতে শিথিলতা আনিছে কেন্দ্ৰই ৷ উল্লেখ্য যে আন্তঃৰাজ্যিক পৰিবহণ বা মানুহৰ যাতায়াতৰ ক্ষেত্ৰত বিধি নিষেধ নাথাকিব ৷ আনহাতে যাতায়াতৰ বাবে কোনো বিশেষ পাছৰ প্ৰয়োজন নহ’ব৷ অৱশ্যে আন্তৰ্জাতিক উৰণ যাত্ৰাৰ অনুমতি দিয়া হোৱা নাই ৷ ইয়াৰ লগতে সাধাৰণ মানুহক স্বস্তি দি অহা ৭ ছেপ্টেম্বৰৰ পৰা মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ কৰিব ৷ তদুপৰি অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ থাকিব ৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অনুমতি দিয়া হৈছে অহা ২১ ছেপ্টেম্বৰলৈকে কনটেণ্টমেণ্ট এলেকাৰ বাহিৰৰ শিক্ষানুষ্ঠানত অনলাইন ক্লাছৰ বাবে ৫০ শতাংশ শিক্ষক আৰু শিক্ষাৰ্থী যাব পাৰিব ৷ কনটেণ্টমেণ্ট জ’নক বাদ দি সকলোতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী শিক্ষানুষ্ঠানলৈ যাব পাৰিব ৷ এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত দৃষ্টি ৰাখিব লাগিব ৷ বিদ্যালয়লৈ সন্তানক পঠোৱাৰ বিষয়ে অভিভাৱকে লিখিত দিব লাগিব৷ সামাজিক, শিক্ষামূলক, ক্ৰীড়া, সাংস্কৃতিক, ৰাজনৈতিক, বিনোদন আৰু ধৰ্মীয় অনুষ্ঠান ২১ ছেপ্টেম্বৰৰ পৰা ১০০ জন লোক সমবেত হ’ব পাৰিব ৷ সকলোতে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব ৷ চিনেমা হল, থিয়েটাৰ, বিনোদন উদ্যান, ছুইমিং পুল খুলিব পাৰিব ৷ উল্লেখ্য যে মেট্ৰ’ৰ সকলো যাত্ৰী আৰু ৰে’ল কৰ্মীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ ষ্টেচনত আবৰ্জনা বা থু পেলালে জৰিমনা ভৰিব লাগিব ৷

Leave A Reply