১৭ দিন ১৬টা দল আৰু ৪৪খন খেল, এইটোৱেই হকী বিশ্বকাপৰ সম্পূৰ্ণ সূচী-১৩ জানুৱাৰীৰ দিনৰ ১ বজাৰ পৰা আৰম্ভ হ’ব পুৰুষ হকী বিশ্বকাপৰ প্ৰথমখন খেল। এই খেলখন আৰ্জেণ্টিনা আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব।১৫ সংখ্যক হকী বিশ্বকাপৰ মুকলি অনুষ্ঠান সম্পূৰ্ণ হৈ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মেচ। চাৰিটা ভিন্ন পুলত ৰখা এই বিশ্বকাপত ১৬টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিটো গ্ৰুপৰ বিজয়ী দলে পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানৰ দল ক্ৰছ অভাৰ মেচৰ জৰিয়তে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰিব। মুঠতে অহা ১৭ দিনত এই ১৬টা দলৰ মাজত মুঠ ৪৪খন খেল অনুষ্ঠিত হ’ব। ২৯ জানুৱাৰীত হকীৰ জগতখনে লাভ কৰিব নতুন ৰজা। সম্পূর্ণ সূচী –
পুল ক: অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, ফ্ৰান্স, দক্ষিণ আফ্ৰিকা।
পুল বি: বেলজিয়াম, জাৰ্মানী, দক্ষিণ কোৰিয়া, জাপান।
পুল চি: নেদাৰলেণ্ড, নিউজিলেণ্ড, মালয়েছিয়া, চিলি।
পুল ডি: ভাৰত, ইংলেণ্ড, স্পেইন, ৱেলছ
১৩ জানুৱাৰী
১.আৰ্জেন্টিনা বনাম দক্ষিণ আফ্ৰিকা (ভুবনেশ্বৰ) ১:০০ বজাত
২.অষ্ট্ৰেলিয়া বনাম ফ্ৰান্স (ভুৱনেশ্বৰ) ৩:০০ বজাত
৩) ইংলেণ্ড বনাম ৱেলছ (ৰৌৰকেলা) ৫:০০ বজাত
৪) ভাৰত বনাম স্পেইন (ৰৌৰকেলা) সন্ধিয়া ৭:০০ বজাত
১৪ জানুৱাৰী
৫) নিউজিলেণ্ড বনাম চিলি (ৰৌৰকেলা) ১:০০ বজাত
৬) নেদাৰলেণ্ড বনাম মালয়েছিয়া (ৰৌৰকেলা) ৩:০০ বজাত
৭) বেলজিয়াম বনাম কোৰিয়া (ভুবনেশ্বৰ) বিয়লি ৫:০০ বজাত
৮) জাৰ্মান বনাম জাপান (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
১৫ জানুৱাৰী
৯) স্পেইন বনাম ৱেলছ (ৰৌৰকেলা) ৫:০০ বজাত
১০) ইংলেণ্ড বনাম ভাৰত (ৰৌৰকেলা) সন্ধিয়া ৭:০০ বজাত
১৬ জানুৱাৰী
১১) মালয়েছিয়া বনাম চিলি (ৰৌৰকেলা) ১:০০ বজাত
১২) নিউজিলেণ্ড বনাম নেদাৰলেণ্ড (ৰৌৰকেলা) ৩:০০ বজাত
১৩) ফ্ৰান্স বনাম দক্ষিণ আফ্ৰিকা (ভুৱনেশ্বৰ) ৫:০০ বজাত
১৪) আৰ্জেণ্টিনা বনাম অষ্ট্ৰেলিয়া (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
১৭ জানুৱাৰী
১৫) কোৰিয়া বনাম জাপান (ভুৱনেশ্বৰ) ৫:০০ বজাত
১৬) জাৰ্মানী বনাম বেলজিয়াম (ভুবনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
১৯ জানুৱাৰী
১৭) মালয়েছিয়া বনাম নিউজিলেণ্ড (ভুৱনেশ্বৰ) ১:০০ বজাত
১৮) নেদাৰলেণ্ড বনাম চিলি (ভুবনেশ্বৰ) ৩:০০ বজাত
১৯) স্পেইন বনাম ইংলেণ্ড (ভুৱনেশ্বৰ) ৫:০০ বজাত
২০) ভাৰত বনাম ৱেলছ (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২০ জানুৱাৰী
২১) অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা (ৰৌৰকেলা) ১:০০ বজাত
২২) ফ্ৰান্স বনাম আৰ্জেণ্টিনা (ৰৌৰকেলা) ৩:০০ বজাত
২৩) বেলজিয়াম বনাম জাপান (ৰৌৰকেলা) ৫:০০ বজাত
২৪) কোৰিয়া বনাম জাৰ্মানী (ৰৌৰকেলা) সন্ধিয়া ৭:০০ বজাত
২২ জানুৱাৰী
২৫) ১ম ক্ৰছ অভাৰ: পুল চি নম্বৰ ২ দল বনাম পুল ডি নম্বৰ ৩ দল (ভুৱনেশ্বৰ) ৪.৩০ বজাত
২৬) ২য় ক্ৰছ অভাৰ : পুল ডি নম্বৰ ২ দল বনাম পুল চি নম্বৰ ৩ দল (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৩ জানুৱাৰী
২৭) ৩য় ক্ৰছ অভাৰ: পুল এ ২য় দল বনাম পুল বি ৩য় দল (ভুৱনেশ্বৰ) ৪.৩০ বজাত
২৮) তৃতীয় ক্ৰছ অভাৰ: পুল বি ২য় দল বনাম পুল চি ৩য় দল (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৪ জানুৱাৰী
২৯) কোৱাৰ্টাৰ ফাইনেল ১: পুল এৰ নং ১ দল বনাম ২৫ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) বিয়লি ৪:৩০ বজাত
৩০) ২য় কোৱাৰ্টাৰ ফাইনেল : পুল বিৰ ১ নং দল বনাম ২৬ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৫ জানুৱাৰী
৩১) তৃতীয় কোৱাৰ্টাৰ ফাইনেল : পুল চিৰ নং ১ দল বনাম ২৭ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) বিয়লি ৪:৩০ বজাত
৩২) চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল : পুল ডিৰ নং ১ দল বনাম ২৮ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৬ জানুৱাৰী
নৱম স্থানৰ পৰা ১৬ স্থানলৈ চাৰিখন মেচ (ৰৌৰকেলা)
২৭ জানুৱাৰী
৩৭) ছেমি ফাইনেল ১: মেচ ২৯ৰ বিজয়ী বনাম মেচ ৩২ৰ বিজয়ী (ভুৱনেশ্বৰ) বিয়লি ৪:৩০ বজাত
৩৮) ছেমি ফাইনেল ২: মেচ ৩০ৰ বিজয়ী বনাম মেচ ৩১ৰ বিজয়ী (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৮ জানুৱাৰী
যোৱা চাৰিখন মেচৰ বিজয়ীসকলৰ মাজত পৰৱৰ্তী চাৰিখন মেচ নৱম স্থানৰ পৰা ১৬ম স্থানৰ বাবে (ৰৌৰকেলা)
২৯ জানুৱাৰী
৪৩) ব্ৰঞ্জৰ পদক মেচ: মেচ ৩৭ আৰু ৩৮ (ভুৱনেশ্বৰ)ৰ পৰাজিত দলৰ মাজত বিয়লি ৪:৩০ বজাত
৪৪) স্বৰ্ণ পদকৰ খেলঃ ৩৭ আৰু ৩৮ নং মেচৰ বিজয়ী দলৰ মাজত (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত

