মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ মুদৈবিল-কুঁহিয়াৰবাৰী পথৰ কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীৰ

উজনি-মাজুলী : মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত সদাব্যস্ত মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথত থকা এটা ভগা কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীলৈ। উল্লেখ যে, উক্ত পথটো ইতিপূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হয় যদিও পথটোত থকা পুৰণা কালভাৰ্ট নিৰ্মাণ নকৰাৰ ফলতেই সৃষ্টি হৈছে এই সমস্যাৰ। মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথচোৱাৰ কুঁহিয়াৰবাৰী আৰু মুদৈবিল গাঁৱৰ মাজত মুঠ চাৰিটা পুলৰ ভিতৰত দুটা পুলহে নতুনকৈ নিৰ্মাণ কৰা হয় যদিও বাকী দুটা পুল নিৰ্মাণ কৰা নহ’ল। কেইবা বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এটা পুল ভাগি পৰাত বৰ্তমান যাতায়তৰ ক্ষেত্ৰত পথচাৰিৰ সমস্যা সৃষ্টি হোৱাৰ লগতে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰো আশংকা কৰা হৈছে। মাজুলী গড়কাপ্টানী বিভাগৰ অদূৰদৰ্শীতাৰ ফল স্বৰূপে জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। মাজুলী সমষ্টি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো গুৰুত্ব নিদিয়া গড়কাপ্টানী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বাবে বিভাগটো যেন খীৰতি গাইত পৰিণত হৈছে। গড়কাপ্টানী বিভাগে পুৰণি পুল এটাকে জোৰা-টাপলি মাৰি দায়িত্ব পালন কৰাৰ অন্তৰালত যে গভীৰ ৰহস্য লুকাই আছে সেই কথা জনসাধাৰণে ঠিকেই বুজি পাইছে। ৰাজ্য চৰকাৰে যিমানেই নিকা প্ৰশাসনৰ কথা নকওঁক কিয় এই ক্ষেত্ৰত একাংশ বিষয়াৰ বাবে সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। সি যি কি নহওঁক, কুঁহিয়াবাৰী-মুদৈবিল গড়কাপ্টানী পথৰ ভগা পুলটো শীঘ্ৰে মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব বুলি জনসাধাৰণে আশংকা কৰিছে।

Related Articles