দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতে দৃঢ়ভাৱে জনাইছে যে দেশে বিদেশী প্ৰত্যক্ষ বিনিয়োগ (এফডিআই) সৰ্বাধিক উন্মুক্ত ব্যৱস্থা কৰিছে, যাৰ যোগেদি ইণ্টাৰনেট কোম্পানীবোৰ আৰু ডিজিটেল প্ৰযুক্তি কোম্পানী অন্তর্ভুক্ত হয় ৷ যোৱা ২ ছেপ্টেম্বৰত কেন্দ্ৰই ১১৮টা চীনা ম’বাইল এপ নিষিদ্ধ কৰাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই কোম্পানীবোৰৰ দায়িত্বৰ বিষয় উল্লেখ কৰে ৷ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰজনে কয় যে তেওঁলোকে কেন্দ্ৰই জাৰি কৰা নীতি-নিয়ম মানি চলিব লাগিব ৷ তেওঁ লগতে কয় যে এই এপবোৰৰ কাৰ্যকলাপ ভাৰতৰ সুৰক্ষাৰ বাবে পূৰ্ববিচাৰমূলক আছিল ৷ শ্ৰীবাস্তৱে জনায় যে ভাৰতে এতিয়াও সকলো কোম্পানীক স্বাগতম জনাই কিন্তু তেওঁলোকৰে ৰাষ্ট্ৰৰ বিধিবিধানৰ সৈতে থাকিব লাগিব ৷ ভাৰতে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ বাবে বিশ্বৰ সকলোতকৈ উন্মুক্ত ব্যৱস্থা ৰাখিছে ৷ ইয়াৰ মাজত আছে ইণ্টাৰনেট কোম্পানী আৰু ডিজিটেল প্ৰযুক্তিৰ কোম্পানীবোৰ ৷ যিয়ে নহওক এই কোম্পানীবোৰে দায়িত্বসহকাৰে ভাৰত চৰকাৰে নিৰ্দ্ধাৰণ কৰা নিয়মবোৰ মানি চলিব লাগিব ৷ লিভিক, পাবজি ম’বাইল লাইট, য়ুইচাট ৱৰ্ক আৰু য়ুইযাট ম’বাইলহএপ নিষিদ্ধ কৰিছে ৷ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই সিদ্ধান্ত জনাইছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বত পাবজি গেমটো বৰ্তমানে ৬০০ মিলিয়ন ডাউনলড হৈছে আৰু ৫০ মিলিয়ন সক্ৰিয় খেলুৱৈ আছে ৷ চাইনিজ মূল ভূখণ্ডক অন্তর্ভুক্ত নকৰি গেমটোত পুনৰ ব্ৰেণ্ড কৰা সংস্কৰণক গেম ফৰ পিচ
বোলা হয় ৷ ভাৰতত পাবজিৰ মিলিয়ন ব্যৱহাৰকাৰী আছে, তাৰ মাজত বিশেষকৈ যুৱকসকল আছে ৷ এই সকলো এপ ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনস্বাৰ্থৰ পৰিপন্থী ৷ কোটি কোটি ভাৰতীয় ম’বাইল আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হয় বুলি জনাইছে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…