তিনিচুকীয়া : তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৪ সংখ্যক জন্ম জয়ন্তি উপলক্ষে তিনিচুকীয়া থানচাৰিআলিস্থিত থকা ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি উদ্যান স্থলিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৯ বজাত ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে ড° ভূপেন হাজৰিকা প্ৰতিমুৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি প্ৰণৱ বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ পৱন সিং ঘাটোৱাৰ। উদ্যাপন সমিতিৰ প্ৰাঞ্জল নেওগ আৰু কৃষ্ণকান্ত কাকতিয়ে আঁত ধৰা সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত সমুহীয়া বন্তি প্ৰজ্বলন, সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুক সম্বৰ্ধনা জনোৱাৰ হয়। অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়া ড° সঞ্জীৱ কুমাৰ ফুকন, জেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱা, সংগীত শিল্পী, কবি কামিনী কুমাৰ গোঁহাই, অমৃত ৰাজখোৱা, বিশিষ্ট সমাজ সেৱক ধমেন্দ্ৰ বৰুৱা, সঞ্জয় সিং, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা কল্যান বৰা, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, সাংবাদিক, সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি সৰুজ গোঁহাই, তিনিচুকীয়া প্ৰতিদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হেমন্ত কুমাৰ শইকীয়া, প্ৰাগ নিউজৰ সাংবাদিক বিপ্লৱ চেতিয়া, নাট্যকৰ্মী শ্যাম সুন্দৰ খাউন্দ, মটক সন্মিলনৰ কেন্দ্ৰীয় সহঃ সম্পাদক নৱজ্যোতি গগৈ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সভাপতি পাপু দত্ত, ক্ৰীড়া সংগঠক, প্ৰাক্তন খেলুৱৈ সৌৰভ বৰুৱা, সাংস্কৃতিক সংগঠক, শিল্পী কেশৱ বৰা, শ্যামল চক্ৰৱতী।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…