Breaking

লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

0 45

২০২৩ বৰ্ষত দেশত অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব ৬.৫ শতাংশ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত দাখিল কৰে ২০২৩ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। পূৰ্বে অনুমান কৰাৰ দৰেই অৰ্থনৈতিক সমীক্ষাত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ কিছু নিম্নগামী হ’ব বুলি অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পাইছে। ২০২৩–২৪ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব ৬.৫ শতাংশ হ’ব বুলি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে। প্ৰণিধানযোগ্য কথাটো হ’ল চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭ শতাংশ আছিল । উল্লেখ্য আইএমএফ বা আন্তৰ্জাতিক অৰ্থ ভাণ্ডাৰৰ প্ৰকাশিত ৰিপ’ৰ্টতো দাবী কৰা হৈছে, আগন্তুক আৰ্থিক বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ হ’ব পাৰে ৬.১ শতাংশ।

আৰ্থিক সমীক্ষা ৰিপ’ৰ্টত জনোৱা হৈছে, আন্তৰ্জাতিক ক্ষেত্ৰত আইএমএফ, বিশ্ব বেংক, এডিবিৰ দৰে প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বাভাসৰ সৈতে সামঞ্জস্য ৰাখিয়ে এই পূৰ্বানুমানকৰিছে কেন্দ্ৰীয় চৰকাৰে। বাস্তৱত বৃদ্ধিৰ হাৰ ৬ৰ পৰা ৬.৮ শতাংশৰ মাজত থাকিব। কিন্তু সেয়া নিৰ্ভৰ কৰিব সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত।

ৰিপ’ৰ্টত দাবী কৰা হৈছে, কোৰোণা মহামাৰীৰ বাবে বিশ্বৰ বিভিন্ন দেশে যে অসুবিধাৰ সন্মুখীন হৈছে, সেই তুলনাত সুবিধাজনক স্থানত আছে ভাৰত। সেইবাবেই দেশৰ বৃদ্ধিৰ হাৰ ৬ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত থাকিব পাৰে বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ। সংসদত বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়েও দাবী কৰে, সমগ্ৰ বিশ্বই ভাৰতৰ বাজেটৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে।

আইএমএফৰ পূৰ্বাভাসতো দাবী কৰা হৈছে, ২০২৩ চনত চীন আৰু ভাৰতৰ আৰ্থিক অগ্ৰগতিৰ ওপৰতে বিশ্বৰ অৰ্থনৈতিক বৃদ্ধিৰ ৫০ শতাংশ নিৰ্ভৰ কৰিব। ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰো কমিব বুলি আইএমএফ ৰিপ’ৰ্টত দাবী কৰা হৈছে। ভাৰতত কোভিড কালীন পৰিস্থিতি, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱৰ বাবেই অৰ্থনৈতিক বিকাশৰ হাৰ পূৰ্বৰ বছৰৰ তুলনাত মন্থৰ হোৱা বুলি ধাৰণা কৰা হৈছে।

Leave A Reply