বেআইনীভাৱে নিৰ্মাণ : কংগনাৰ পাচত মণীশলৈ জাননী

দৈনন্দিন বাৰ্তা ডেস্ক : কংগনা ৰানাউটৰ পাচতে এইবাৰ বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ চকু পৰিল আন এক ব্যক্তিলৈ ৷ বেআইনীভাৱে নিৰ্মাণ আৰু নিজৰ বাসস্থানক বাণিজ্যিক কামত ব্যৱহাৰ কৰাৰ কাৰণে বলীউডৰ খ্যাত ফেচন ডিজাইনাৰ মণীশ মালহোত্ৰালৈ আইনী জাননী পঠালে বৃহত্তৰ মুম্বাই পৌৰ নিগমে ৷ সেই জাননীত লেখা হৈছে, বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ আইন ৩৬১ (১) ধাৰা অনুযায়ী মণীশ মালহোত্ৰাই অনুমতি নোলোৱাকৈ ঘৰৰ প্ৰথম মহলা কাৰ্যালয়লৈ ৰূপান্তৰ কৰিছে ৷ এচিৰ বাবে ছাদ নিৰ্মাণ কৰিছে ৷ এয়া অবৈধ বুলি দাবী কৰিছে বৃহত্তৰ মুম্বাই পৌৰ নিগমে ৷ অহা ৭ দিনৰ ভিতৰত মণীশে এই আইনী চিঠিৰ উত্তৰ দিবলৈ আদেশ দিছে বৃহত্তৰ মুম্বাই পৌৰ নিগমে ৷ মণীশ আৰু কংগনাৰ কাৰ্যালয় ওচৰাওচৰি ৷ বুধবাৰে বেআইনী নিৰ্মাণৰ অভিযোগ তুলি পালি হিলৰ কংগনাৰ মণিকর্ণিকা ফিল্মজ ভাঙিবলৈ লৈছিল বিএমচিয়ে ৷ ইপিনে মণীশৰ ঘৰলৈ আইনী জাননী প্ৰেৰণ কৰাত তেওঁ এই পৰ্যন্ত মুখ মেলা নাই ৷

Related Articles