দৈনন্দিন বাৰ্তা ডেস্ক : কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ চেষ্টাৰে শুকুৰবাৰে সৰ্বভাৰতীয় সংগঠনটো বৃহৎ সালসলনি কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে ৷ এইবাৰ দলৰ সাধাৰণ সম্পাদকৰ পদত বৃদ্ধতন্ত্ৰৰ ভাৰ কমোৱা হৈছে ৷ গুলাম নবী আজাদ, মল্লিকাৰ্জুন খাৰ্গে, অম্বিকা ছোনী, মতিলাল ভোৰা, লুইজিনো ফালেৰিৱৰ দৰে বৰ্ষীয়ান নেতাসকলক আঁতৰ কৰি নবীনক ঠাই দিছে কংগ্ৰেছ সভানেত্ৰীয়ে ৷ আনহাতে সংগঠন শক্তিশালী কৰিবলৈ বিভিন্ন ৰাজ্যৰ দায়িত্বত নতুন এআইচিচিৰ সাধাৰণ সম্পাদক নিয়োগ কৰিছে ছোনীয়া গান্ধীয়ে ৷ তদুপৰি দল পৰিচালনাৰ কামত তেওঁক সহায় কৰিবলৈ ছজনীয়া সদস্যৰ এক বিশেষ কমিটি গঠন কৰা হৈছে ৷ উল্লেখ্য যে নেতৃত্ব পুনৰ গঠন আৰু পূৰ্ণ পৰ্যায়ৰ নতুন সভাপতিৰ দাবী জনাই কংগ্ৰেছৰ ২৩জন নেতাই ছোনীয়া গান্ধীলৈ চিঠি লিখিছিল ৷ ইয়াকে লৈ কংগ্ৰেছত তোলপাৰ লাগিছিল৷ সংগঠনৰ সালসলনি কৰি পত্ৰ প্ৰেৰকক বাৰ্তা দিলে কংগ্ৰেছৰ সভানেত্ৰীয়ে৷ এআইচিচিৰ নতুন সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ৰণদীপ সিং সুৰজেৱালা, জীতেন্দ্ৰ সিং আৰু অজয় মাকেনক৷ দল পৰিচালনাৰ ছজনীয়া কমিটিত আহমেদ পেটেল, এ কে এণ্টনী, অম্বিকা ছোনীৰ দৰে ছোনীয়া গান্ধীৰ পুৰণা আস্থাভাজনৰ লগতে দিয়া হৈছে ৰাহুল গান্ধীৰ দুই আস্থাভাজনক ৷ তেওঁলোক হ’ল কে চি বেণুগোপাল আৰু ৰণদীপ সিং সুৰজেৱালা ৷ নতুন সভাপতি নিৰ্বাচন পৰ্যন্ত এই কমিটিয়ে ছোনীয়া গান্ধীক সহায় কৰিব ৷ আগন্তুক দিনত সাংগঠনিক নিৰ্বাচন আৰু সদস্য ভৰ্ত্তি অভিযানৰ ইংগিত দি মধুসুদন মিস্ত্ৰিৰ নেতৃত্বত দলৰ নতুন কেন্দ্ৰীয় নিৰ্বাচনৰ কৰ্তৃপক্ষ গঠন কৰিছে ছোনীয়া গান্ধীয়ে ৷ এই ক্ষেত্ৰত ৰাহুল গান্ধীৰ চীল মোহৰ আছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ উপৰি এই কমিটিত আছে ৰাজেশ মিশ্ৰ, কৃষ্ণ গৌডা, এছ জ্যোতিমানি, অৰবিন্দ সিং লাভলি ৷ উল্লেখ্য যে ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰকৰ অন্যতম আছিল লাভলি ৷ আনহাতে আজাদক হাৰিয়ানাৰ দায়িত্বৰ পৰা আঁতৰ কৰিলেও এআইচিচিত ৰখা হৈছে ৷ স্পেচিয়েল ইনভাইটি কৰি ঠাই দিয়া হৈছে পি চিদাম্বৰমক ৷ লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰীক ৱৰ্কিং কমিটিত স্থায়ী ইনভাইটি পদ দিয়া হৈছে ৷ লগতে জয়ৰাম ৰমেশ, দ্বিগিজয় সিং, ছলমন খুৰশ্বিদ, প্ৰমোদ তিৱাৰীক ঠাই দিয়া হৈছে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পহনকুমাৰ বনচলক সংগঠনৰ দায়িত্ব দিয়া হৈছে ৷ উল্লেখ্য যে অ’ত দিনে গৌৰৱ গগৈ আছিল পশ্চিম বংগৰ দায়িত্ব ত৷ এইবাৰ বিক্ষুব্ধসকলৰ মাজৰ তৰুণ নেতা জিতিন প্ৰসাদক পশ্চিম বংগ আৰু আন্দামান নিকোবৰৰ দায়িত্ব দিয়া হৈছে ৷ গৌৰৱ গগৈৰ লগতে অনুগৰহ নাৰায়ণ সিং (উত্তৰাখণ্ড), আশা কুমাৰী (পাঞ্জাৱ), আৰ চি খুণ্টিয়া (তেলেংগানা)ক ৰাজ্যিক দায়িত্বৰ পৰা আঁতৰ কৰা হৈছে ৷ উল্লেখ্য যে গৌৰৱ গগৈক শেহতীয়াকৈ কংগ্ৰেছৰ লোকসভাৰ উপ নেতা হিচাপে নিৰ্বাচন কৰা হৈছিল ৷ আনহাতে যুৱ নেতা দীনেশ গুণ্ডু ৰাওক তামিলনাডু, পুডুচেৰি আৰু গোৱাৰ দায়িত্ব দিয়া হৈছে ৷ এইচ কে পাটিলক কৰ্ণাটক, ৰাজীৱ শুক্লাক হিমাচল প্ৰদেশৰ নতুন দায়িত্ব দিয়া হৈছে ৷ দিল্লীৰ যুৱ নেতা দেবেন্দ্ৰ যাদৱক উত্তৰাখণ্ডৰ দায়িত্ব দিয়া হয় ৷ আন নতুন দায়িত্ব পোৱা সকল হ’ল বিবেক বানচলক হাৰিয়ানা, মণীশ চত্ৰথক অৰুণাচল প্ৰদেশ আৰু মেঘালয়, ভক্ত চৰণ দাসক মিজোৰাম আৰু মণিপুৰ, কুলজিৎ সিং নাগৰাক ছিকিম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ দায়িত্ব দিয়া হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…