দৈনন্দিন বাৰ্তা ডেস্ক : সুশান্ত সিং ৰাজপুতৰ মৃত্যু গোচৰত যে ড্ৰাগছ সেই সম্পৰ্কে শনিবাৰে মুম্বাই আৰু গোৱাৰ প্ৰায় সাতখন ঠাইত মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ (এনচিবি)ই অভিযান চলায় ৷ প্ৰাপ্ত খবৰত প্ৰকাশ যে গোচৰৰ পৰবৰ্তী পদক্ষেপৰ তালিকা নিৰ্ধাৰণৰ বাবে পাছৰ দিন এনবিচিৰ মুম্বাই কাৰ্যালয়ত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব ৷ ড্ৰাগছ সম্পৰ্কীয় দিশত জানিব পৰা মতে ৰিয়া চক্ৰৱৰ্তীয়ে কেন্দ্ৰীয় তদন্ত এজেন্সীৰ আগত এই কথা স্বীকাৰ কৰিছে যে অভিনেত্ৰী ছাৰা আলি খান আৰু ৰকুল প্ৰীত, ডিজাইনাৰ ছিমোন খাম্বট্ট, সুশান্তৰ বন্ধু আৰু প্ৰাক্তন পৰিচালক ৰোহিনী আইয়াৰ আৰু চলচ্চিত্র নির্মাতা মুকেশ ছাবড়াই ড্ৰাগছ গ্ৰহণ কৰিছে ৷ সূত্ৰই কয় যি বলীউডৰ ৮০ শতাংশ তাৰকাই ড্ৰাগছ গ্ৰহণ কৰে বুলি ৰিয়া চক্ৰৱৰ্তীয়ে এজেন্সীৰ আগত কয় ৷ ইয়াৰ লগতে এই খবৰ পোৱা গৈছে যে ড্ৰাগছৰ তদন্তত এনচিবিয়ে ২৫ গৰাকী শীর্ষস্থানীয় তাৰকাক মাতিছে ৷ ৰিয়াই এনচিবিৰ ওচৰত বিবৃতিত সুশান্তৰ বাবে ড্ৰাগছ সংগ্ৰহ আৰু অৰ্থ পৰিচালনাৰ ক্ষেত্ৰত তেওঁ ভূমিকা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ সূত্ৰবোৰে আগতে দাবী কৰিছিল যে এনচিবিৰ জেৰাৰ সময়ত ৰিয়াই ড্ৰাগছ সেৱন আৰু গ্ৰহণকাৰী বলীউডৰ খ্যাতনামা কেইবাজনৰ নাম প্ৰকাশ কৰিছে ৷ প্ৰায় ১৫টা বি-টাউনাৰ এতিয়া এনচিবিৰ ৰাডাৰত আছে আৰু জানিব পৰা মতে সেই অভিনেতাসকল বি-কেটেগৰীত অন্তর্ভুক্ত। এই চেলিব্ৰিটিসকলৰ মাজত কোনো ড্ৰাগছ সৰবৰাহকাৰী আৰু কোনো ভোক্তা ৷ সূত্ৰই জনোৱা মতে এনচিবিৰ তদন্তত জানিব পৰা গৈছে যে এনে কিছু বৃত্ত আছে য’ত চেলিব্ৰিটিসকলৰ ওচৰত ড্ৰাগছ সংগ্ৰহ আৰু সৰবৰাহ কৰে ৷ এনচিবিৰ তদন্তত দেখা গৈছে যে লকডাউনৰ মাজতে এপ্ৰিলত সুশান্তৰ ঘৰৰ পৰা ৰিয়াৰ ঘৰলৈ ড্ৰাগছ সৰবৰাহৰ বাবে কুৰিয়াৰ ছাৰ্ভিচ ব্যৱহাৰ কৰিছিল শৌভিক চক্ৰৱৰ্তী আৰু দিপেশ ছাৱান্তে৷ সূত্ৰটোৱে জনায়, কুৰিয়াৰ ব্যক্তিয়ে নিশ্চিত কৰিছিল যে তেওঁ দিপেশ ছাৱান্তৰ ওচৰৰ পৰা কুৰিয়াৰ সংগ্ৰহ কৰিছিল আৰু লকডাউনৰ মাজত শৌভিক চক্ৰৱৰ্তীৰ ওচৰত দিয়া হৈছিল ৷ বিবৃতিত কুৰিয়াৰ ল’ৰাজনে প্ৰকাশ কৰে যে তেওঁ সুশান্ত, দিপেশ ঘৰৰ পৰা কুৰিয়াৰ কৰি ৰিয়া চক্ৰৱৰ্তীৰ ঘৰ পোৱাই দিছিল য’ত শৌভিক চক্ৰৱৰ্তীয়ে আধা কেজি ড্ৰাগছৰ পেকেট পাইছিল ৷ সূত্ৰৰ খবৰ মতে কুৰিয়াৰ ল’ৰাজনৰ ম’বাইল ফোন নম্বৰ দিপেশ আৰু শৌভিকে ছেভ কৰিছিল ৷ কুৰিয়াৰ ল’ৰাজন, শৌভিক আৰু দিপেশৰ মাজত কলৰ সবিশেষ ড্ৰাগছৰ এই বিষয়টো নিশ্চিত কৰিছে বুলি সূত্ৰটোৱে কয় ৷ এই ক্ষেত্ৰত দিপেশ, শৌভিক আৰু কুৰিয়াৰ ল’ৰাজনক লৈ প্ৰশ্ন কৰা হৈছে৷ উল্লেখ্য যে মুম্বাইৰ এক বিশেষ আদালতে সুশান্তৰ মৃত্যু গোচৰত ড্ৰাগছৰ সম্পৰ্কত ৰিয়া, শৌভিক আৰু আনসকলৰ জামিন আবেদন নাকচ কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…