দৈনন্দিন বাৰ্তা ডেস্ক : শনিবাৰে নিশা পুনৰ শ্বাসকষ্ট অনুভৱ কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দিল্লীৰ এইমছত ভৰ্ত্তি কৰা হয় ৷ যোৱা নিশা ১১ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক এইমছৰ কাৰ্ডিঅ’-নিউৰো টাৱাৰত ভৰ্ত্তি কৰা হয় ৷ প্ৰাপ্ত তথ্য মতে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ তত্ত্বাৱধানত গৃহমন্ত্ৰীৰ চিকিৎসা চলিছে ৷ তেওঁৰ শাৰীৰিক অৱস্থা স্থিতিশীল বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বাতৰি লিখা পৰ্যন্ত চিকিৎসালয়ৰ পৰা কোনো বুলেটিন প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে দুসপ্তাহৰ আগতে এইমছৰ পৰি আহিছিল অমিত শ্বাহ ৷ উল্লেখ্য যে যোৱা ডেৰ মাহৰ ভিতৰত গৃহমন্ত্ৰীজনক তৃতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷ যোৱা এমাহ চিকিৎসালয়ত কটাই আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ যোৱা ২ আগষ্টত টুইট কৰি তেওঁ জনাইছিল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা ৷ চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ সেই দিনাই চিকিৎসালয়ত ভৰ্ত্তি হৈছিল ৷ তেওঁক গুৰগ্ৰামৰ মেদান্ত হাস্পতালত ভৰ্ত্তি কৰা হৈছিল ৷ তাৰ পাচত ১৪ আগষ্টত ক’ৰোনাৰ পৰা মুক্ত হোৱাৰ কথা নিজেই টুইট কৰি জনাইছিল ৷ কিন্তু ইয়াৰ কেইদিনমানৰ পাচতে অমিত শ্বাহ পুনৰ অসুস্থ হয়৷ চিকিৎসকে অমিত শ্বাহৰ শাৰীৰিক অৱস্থাৰ ওপৰত নজৰ ৰাখিছে ৷ গৃহ মন্ত্ৰীজনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ পৰিয়াল, অনুগামী আৰু শুভাকাংক্ষীসকল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আধুনিকতাৰ অভিজ্ঞতা আৰু ধৈৰ্যৰ মাজত আমি…
- নিৰ্বাচনী প্ৰচাৰত ব্যক্তিগত আক্ৰমণ আৰু মহিলা প্ৰাৰ্থীৰ প্ৰতি অশালীন মন্তব্য কিমান গ্রহণযোগ্য…
- ষ্টক মাৰ্কেটত বিত্তমন্ত্ৰীৰ উদ্বেগ বৃদ্ধি ! কিয় চিন্তিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ…
- গোলকগঞ্জৰ হালাকুৰা বজাৰত বিধংসী অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষয় ক্ষতি…
- নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি…
- ধিঙৰ কটহগুৰিত ভয়াবহ অগ্নিকাণ্ড ! জুইত জাহ গ’ল কুৰি খন গৃহ…
- গান্ধী পৰিয়ালৰ ৰাজকুমাৰ এখন সাধাৰণ চেলুনত কিয়…
- নাজিৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু ! দুজন গুৰুতৰ ভাৱে আহত…
- উৎকট গৰমৰ মাজত পাঁচদিনলৈ অসম তথা উত্তৰ-পূবত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ…
- মৰিয়নিত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ আটক সৰবৰাহকাৰী…