দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ মানুহৰ তথ্য নিয়াৰ আশংকাত এটাৰ পাচত এটাকৈ চীনৰ এপ নিষিদ্ধ কৰিছে ভাৰতে ৷ লাডাখত সংঘৰ্ষৰ সেই আশংকা অধিক তীব্ৰ হৈছিল ৷ কিন্তু তাৰ তলে তলে ভাৰতৰ লগত ডাটা যুদ্ধ আৰম্ভ কৰিছে চীনে ৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ মতে ভাৰতৰ ১০,০০০ প্ৰভাৱশালী ব্যক্তিৰ ওপৰত নজৰ ৰাখিছে চীনে ৷ এক তদন্তমূলক প্ৰতিবেদনত লিখা হৈছে যে চীনৰ ছেনঝেনৰ তথ্য প্ৰযুক্তিৰ কোম্পানী ঝেনহুৱা ডাটা ইনফৰ্মেচন টেকন’লজি কোম্পানী লিমিটেডে এই কাম কৰিছে ৷ এই কোম্পানীৰ সৈতে যোগাযোগ আছি চীন চৰকাৰ আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ৷ ইয়াতে এটা গ্ল’বেল ডাটাবেচ তৈয়াৰ কৰিছে, য’ত আছে ভাৰতৰ ১০,০০০ প্ৰভাৱশালী ব্যক্তি ৷ উল্লেখ্য যে দেশৰ সাধাৰণ জনতা কেতিয়াবা তেওঁলোকৰ বেংক একাউণ্টসহ আন তথ্য লৈ চিন্তিত হয়৷ কিন্তু দেখা গৈছে এইবাৰ চিন্তাৰ কাৰণ আহিছে স্বয়ং প্ৰধানমন্ত্ৰীৰো ৷ চীনৰ এই কোম্পানীৰ নজৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি, মুখ্য ন্যায়াধীশ, ছোনীয়া গান্ধী আৰু তেওঁৰ পৰিয়াল, মমতা বেনাৰ্জী, অমৰেন্দ্ৰ সিং, উদ্ধৱ ঠাকৰে, নবীন পাটনায়ক, শিৱৰাজ সিং চৌহান, ৰাজনাথ সিং, ৰবিশংকৰ প্ৰসাদ, নিৰ্মলা সীতাৰমন, স্মৃতি ইৰানী, চিডিএছ বিপিন ৰাৱাত, ১৫ জন প্ৰাক্তন সেনা প্ৰধান, নৌ সেনা প্ৰধান, আৰু বায়ু সেনা প্ৰধান৷ ইয়াৰ লগতে আছে দেশৰ একাধিক উদ্যোগপতি, সাংবাদিক, বিজ্ঞানী, খেলুৱৈসহ বিশিষ্ট ব্যক্তি ৷ ঝেনহুৱাই স্বীকাৰ কৰে তেওঁলোকে চীন চৰকাৰ আৰু চেনা গুপ্তচৰ সংস্থাৰ হৈ কাম কৰে ৷ যোৱা কেইবা মাহ ধৰি এই কোম্পানীয়ে ডাটা বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছে এই সংবাদ মাধ্যম ৷ উল্লেখ্য যে চীনৰ এই কোম্পানীৰ নজৰত আছে মার্কিন যুক্তৰাষ্ট্র,ব্ৰিটেইন, জাপান, অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, ইউএইৰ দৰে দেশ ৷ এই তথ্য হাতলৈ আহিছে ভাৰতৰ সংবাদ মাধ্যমটোৰ উপৰি লণ্ডনৰ দ্য ডেইলি টেলিগ্ৰাফ, অষ্ট্ৰেলিয়াৰ ফাইনান্সিয়েল ৰিভিউ, ইটালীৰ এল ফোগিলোৰ ৷ ৰেকৰ্ডত কোৱা হৈছে, ঝেনহুৱা কোম্পানী হিচাপে নথিভূক্ত হয় ২০১৮ চনত৷ দেশখনত ইয়াৰ ২০ টা শাখা আছে ৷ কোম্পানীটোৰ ক্লায়েণ্টৰ ভিতৰত আছে চীন চৰকাৰ আৰু চীনা সেনা ৷ বিশ্বজুৰি হাজাৰ হাজাৰ মানুহৰ ওপৰত নজৰ দিয়া হৈছে৷ এই অভিযোগ লৈ ছেনঝেনৰ এই কোম্পানীটোৰ মুখামুখি হৈছিল এজন সাংবাদিক ৷ তেওঁৰ প্ৰশ্নৰ তালিকাত আছিল ভাৰতৎ সংবাদ মাধ্যমৰ প্ৰশ্নবোৰ৷ কিন্তু কোম্পানীৰ এজন কৰ্মীয়ে কয়, এইবোৰ প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰা নহ’ব৷ কাৰণ ইয়াত আমাৰ ব্যৱসায়ৰ স্বাৰ্থ আছে ৷ ইয়াকে লৈ ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত দিল্লীৰ চীনা দূতাবাসৰ পৰা কয় যে চীন চৰকাৰে কোনো কোম্পানীক এনে ধৰণেৰে আন দেশৰ তথ্য সৰবৰাহ কৰিবলৈ কোৱা নাই, নকয় ৷ ভাৰতীয় সংবাদ মাধ্যমে জানিব পাৰিছে যে ঝেনহুৱাৰ গুপ্তচৰৰ তালিকাত আছে প্রধান মন্ত্রী আৰু তেওঁৰ পৰিবাৰ যশোধা বেন, মনমোহন সিং আৰু তেওঁৰ পৰিয়াল, কেন্দ্ৰৰ একাধিক বৰ্তমান আৰু প্ৰাক্তন মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়াল, উত্তৰ প্ৰদেশৰ মুলায়েম সিঙৰ পৰিয়াল, দেশৰ একাধিক সংবাদ মাধ্যমৰ সম্পাদক, ২৫০ জন কূটনীতিবিদ, ২৩ জন প্রাক্তন আৰু বর্তমানৰ মুখ্য সচিব, দেশৰ অধিকাংশ ৰাজ্যৰ আৰক্ষী প্ৰধান ৷

