গেলেকী : ৰাজ্যৰ শাসনভাৰ তথা চৰকাৰ বদলি হ’ল। কিন্তু বিগত দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা নাজিৰা সমষ্টিৰ সমূহ বাট পথৰ আজি পৰ্যন্ত কোনো পৰিৱৰ্তন নহ’ল। নাজিৰা সমষ্টিৰ বিধায়ক ও ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নিজা সমষ্টিৰ সমূহ বাট পথৰ এতিয়া বিধ্বস্থতাৰূপে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ঠিক তাৰ বিপৰীতে চুবুৰীয়া আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজা সমষ্টিটোলৈ আনিছে আমোল পৰিৱৰ্তন। ১৪ ছেপ্তেম্বৰৰ দিনা আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজা সমষ্টিৰ পথ উন্নয়নৰ ধাৰা অব্যাহত ৰাখি ঐতিহাসিক নগা আলিকে ধৰি তিনিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নৱ-নিৰ্মিত দুটাকৈ পথ ৰাইজৰ বাবে মুকলি কৰে। বিধায়ক প্ৰদীপ হাজৰিকাই S.O.P.D আঁচনিৰ অধীনত ঐতিহাসিক নগা আলিৰ ৭ কি:মি: এটা অংশৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাত নগা আলিৰ ৬ কি:মি: আনটো অংশৰো নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাতে নগা আলিৰ ওপৰত দুখনকৈ পকী দলঙৰো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ উপৰিও বিধায়ক প্ৰদীপ হাজৰিকাই S.O.P.D আঁচনিৰ অধীনত দিখৌমুখ ভৰলুৱা পথ, অসম দৰ্শন আঁচনিৰ অধীনত নগা আলিৰ পৰা চুপহা সত্ৰ পথৰ আধাৰশিলা স্থাপন কৰে। আনহাতে বিধায়ক প্ৰদীপ হাজৰিকাই নৱ-নিৰ্মিত দিখৌমুখ বৰ আলিৰ পৰা দুলীয়া আলি আৰু বৰ আলিৰ পৰা দিছিয়াল আলি ৰাইজৰ বাবে উৎসৰ্গা কৰে। সমগ্ৰ কাৰ্যসূচীত বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে অসম গণ পৰিষদৰ আমগুৰি সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল বৰকটকী, গড়কাপ্তানী বিভাগৰ আমগুৰি পথ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বীৰেন দত্তৰ লগতে গড়কাপ্তানী বিভাগৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। ৰাজহুৱা কাৰ্যসূচী সমূহত ৰাইজৰ ব্যাপক সহাৰি দেখিবলৈ পোৱা গ’ল। বিধায়কৰ উপস্থিতিত দিখৌমুখ মণ্ডল কংগ্ৰেছৰ ৬ নং ৱাৰ্ডৰ প্ৰাথমিক সমিতিৰ সভাপতি দুলাল শইকীয়াই অগপ দলৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ উক্ত দিনাই অগপ দলত যোগদান কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…