‘ভাৰত ৰং মহোৎস’ৱ অনুষ্ঠিত হ’ব গুৱাহাটীত। বুধবাৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে বিশিষ্ট নাট্যশিল্পী তথা নাট্য মহোৎসৱৰ সমন্বয়ক
জ্যোতিনাৰায়ণ নাথে। তেওঁ লগতে কয়- দ্বাবিংশতম ভাৰত ৰং মহোৎসৱৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অংশটিত অসমীয়া, হিন্দী, মণিপুৰী, বেংগলী আৰু ওড়িয়া এই পাঁচটা ভাষাৰ ছখন নাটক মঞ্চায়ন হ’ব। মহোৎসৱৰ এই ছয়দিনত ১৫০ জনৰো অধিক শিল্পীয়ে তেওঁলোকৰ কলা- কৌশল প্ৰদৰ্শন কৰিব । ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এক সুন্দৰ জনসমাগমৰ আশা কৰিছো ।মহোৎসৱৰ প্ৰৱেশ বিনামূলীয়া। মহোৎসৱৰত ১৭ ফেব্ৰুৱাৰীত সন্ধিয়া ৬ বজাত পংকজ জ্যোতি ভূঞাৰ ৰচনা আৰু কৃষ্ণ ভূঞাৰ পৰিচালনাৰে মঞ্চস্থ কৰা হ’ব অসমীয়া নাটক ‘পঞ্চৱতী’।ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতৰ প্ৰথমখন থিয়েটাৰ স্কুল, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন.এছ.ডি.) এ দ্বাবিংশতম ‘ভাৰত ৰং মহোৎসৱ’ ৰূপে ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে আন ৯ খন চহৰত কিছু নাটক, অন্তৰংগ কৰ্মশালা আৰু সম্পর্কিত আন সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি থিয়েটাৰ অনুৰাগীৰ শীতৰ সন্ধ্যা উজ্জ্বল কৰি তোলাৰ বাবে সাজু হৈছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান মর্মে ‘আজাদী কা অমৃত মহোৎসৱৰ অধীনৰ ভাৰতৰ অমৃত কাল উদ্ যাপন ৰূপে ১৪ ফেব্ৰুৱাৰীত শুভাৰাম্ভ কৰি ২৬ ফেব্ৰুৱাৰী লৈ দিল্লী, জয়পুৰ, ৰাজামুন্দ্ৰী, ৰাঁচী, গুৱাহাটী, জম্মু, শ্ৰীনগৰ, ভূপাল, নাচিক আৰু কেৱডীয়াত এই মর্যদাপূর্ণ নাট মহোৎসৱটি অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে। ৮০ খন ভিন্ন ধর্মী নাট প্রদর্শন, পৰিচালকৰ সৈতে মুখামুখি, জীৱন্ত কিংবদন্তীৰ সতে বার্তালাপ, গ্রন্থ উন্মোচন, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনা সত্ৰ, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন থিয়েটাৰ ব্যক্তিত্বৰ মাষ্টাৰ ক্লাচ আদিৰে এই মহোৎসৱ সজোৱা হৈছে। ভাৰত ৰং মহোৎসৱৰ লক্ষ্য হ’ল আন ৰাষ্ট্ৰৰ সৈতে সাংস্কৃতিক বিনিময় আৰু আন্তঃৰাষ্ট্ৰীয় বান্ধোন শক্তিশালী কৰা।দ্বাবিংশতম ভাৰত ৰং মহোৎসৱে নাটক আৰু আন সাংস্কৃতিক অনুষ্ঠান প্রদর্শন, থিয়েটাৰৰ আন্ত:ৰাষ্ট্ৰীয় আৰু কৌশলগত গুৰুত্বক বিশ্বজনীন দৃষ্টিভঙ্গীৰে বিভিন্ন বিষয়ৰ আলোচনা চক্র আদি সন্নিবিষ্ট কৰা হ’ব। প্ৰতি বছৰে ১০০ৰ অধিক নাট্যদলে এই মহোৎসৱত উপস্থিত থাকি অংশগ্ৰহণ কৰে।’ সংবাদ মেলত বিশিষ্ট অভিনেতা
প্ৰাঞ্জল শইকীয়াই কয়-নাটকে জীৱন, নাটকে প্রাণ।আমি নাটকৰ মাজত জীৱন আৰু সংঘাত বিচাৰি পাওঁ।
ভাৰত ৰং মহোৎসৱে ইতিমধ্যে নিজে এক সুকীয়া স্থান আৰু পৰিচয় নিশ্চিত কৰিছে। ই এনে এক নাট্য মেলা
য’ত নাট প্ৰদৰ্শনৰ উপৰিও আন প্ৰদৰ্শনী, পৰিচালক- দৰ্শকৰ মুখামুখি, বিশেষজ্ঞৰ বক্তব্য আৰু নাটক
সম্পর্কিত ভিন্ন বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়। এই মহোৎসৱৰ ১৭ ফেব্ৰুৱাৰীৰ বিয়লি শুভ উদ্ধোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই মহোৎসৱ সফল কৰি তুলিবলৈ ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ।’
সংবাদ মেলত উপস্থিত থাকি বিশিষ্ট নাট্যশিল্পী নয়ন প্ৰসাদে ‘ভাৰত ৰং উৎসৱৰ’ সফলতা কামনা কৰে।
সংবাদ মেলত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সঞ্চালক অধ্যাপক (ড°) ৰমেশ চন্দ্ৰ গৌড়ে এটা ভিডিও বার্তাযোগে এই মহোৎসৱৰ সফলতা কামনা কৰে।

