Breaking

যোৰহাটৰ চ’ক বজাৰৰ বিধ্বংসী অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 57

যোৰহাটৰ চ’ক বজাৰত শেহতীয়াকৈ সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটোৱে অত্যন্ত মৰ্মাহত কৰিছে। আজি ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত ব্যৱসায়ী আৰু স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰি ক্ষয়-ক্ষতিৰ বুজ লই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘটনাটোৰ ফলত দুই শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ কথা জানিব পাৰি ব্যথিত হৈ পৰে মন্ত্ৰীগৰাকী।

এই অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আৰু তেওঁলোকক যাৱতীয় সহায়-সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সময়ত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা আৰু সমাজসেৱক ৰুবুল নেওগ।

Leave A Reply