Breaking

জাপানৰ প্ৰধানমন্ত্ৰীৰ পদত ইয়োশ্বিহিদে ছুগা

0 1,283

দৈনন্দিন বাৰ্তা ডেস্ক : জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ যোৱা বুধবাৰে মন্ত্ৰীসভাই ইস্তফা দিয়ে ৷ ইয়াৰ পাচত দেশখনৰ নতুন প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব লাভ কৰে ইয়োশ্বিহিদে ছুগাই ৷ স্থানীয় সংবাদ মাধ্যমে জানিবলৈ দিয়ে যে বুধবাৰেই লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ নেতা ছুগাই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লয় ৷ আঠ বছৰৰ পাচত জাপানে নতুন প্ৰধানমন্ত্ৰী লাভ কৰিলে ৷ এই নতুন প্ৰধানমন্ত্ৰীৰ আগত এটাই প্ৰত্যাহ্বান আছে ৷ সেয়া হ’ল কৰ’না নিয়ন্ত্ৰণৰ লগতে দেশখনৰ অৰ্থনীতি ঘুৰাই অনা ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ক্ষমতা আছে জাপানহ সংসদৰ নিন্মকক্ষত ৷ সেয়া হ’ল সকলোতকৈ শক্তিশালী ৷ তাত সংখ্যাগৰিষ্ঠতা থকা দলৰ নেতা ইয়োশ্বিহিদে ছুগাক প্ৰধানমন্ত্ৰীৰ পদত নিৰ্বাচন কৰাত চাপ নপৰিল শাসক লিবাৰেল ডেমক্ৰেটিক পাৰ্টি ৷ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পাচত তেওঁ মন্ত্ৰীসভা ঘোষণা কৰে ৷ ইয়াৰ আগেয়ে শাসক দল লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ মাজত নিৰ্বাচনত জয়ী হয় ছুগা ৷ নিৰ্বাচনত ছুগাই লাভ কৰে ৩৭৭ টা ভোট ৷ আনহাতে প্ৰাক্তন বিদেশ মন্ত্ৰী ফুমিৱ কিশ্বিদাই পায় ৮৯ টা ভোট ৷ তদুপৰি প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী শ্বিগেৰু ইশ্বিবাই ৬৮ টা ভোট লাভ কৰে ৷ ইয়াৰ পাচতে দলৰ নেতা নিৰ্বাচন হয় ৭১ বছৰীয়া ছুগা ৷ উল্লেখ্য যে প্রাক্তন প্রধানমন্ত্রী শ্বিনজোৰ সোঁহাত আছিল ছুগা ৷ তেওঁ ছুগাৰ চিফ কেবিনেট সচিব আছিল ৷ এই পদত এইবাৰ বহাৰ সম্ভাৱনা আছে কাতছুনোবু কাতো ৷ তেওঁ ইয়াৰ আগতে বিত্ত বিভাগৰ আমোলা আছিল ৷ ইপিনে আবেৰ সৰু ভাতৃ নোবুয়ো কিশ্বি প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পাইছে বুলি প্ৰকাশ ৷ জাপানৰ সংবাদ মাধ্যমে জনাই যে সুগাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী আবেৰ নীতিবোৰ আগুৱাই নিয়াত বদ্ধপৰিকৰ ৷

Leave A Reply