চীনক গোপন তথ্য যোগান : দিল্লীৰ সাংবাদিকসহ গ্ৰেপ্তাৰ ৩

দৈনন্দিন বাৰ্তা ডেস্ক : চীনক প্ৰতিৰক্ষা সংক্ৰান্ত গোপন তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন সাংবাদিকসহ তিনি ব্যক্তি ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ ভুৱা কোম্পানীৰ জৰিয়তে তেওঁক শকত পৰিমাণৰ ধন দিয়াৰ অভিযোগত শনিবাৰে এগৰাকী চীনা মহিলা আৰু তেওঁৰ নেপালী সহযোগীকো গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰত জানিব পৰা মতে, ধৃত ফ্ৰীলায়েন্স সাংবাদিকৰ ওচৰত সেনাৰ বহু গোপন তথ্য আছে ৷ শকত পৰিমাণৰ ধনৰ বিনিময়ত তেওঁ চীনৰ এগৰাকী মহিলাক দিয়ে ৷ গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত সোমবাৰেই ফ্ৰীলায়েন্স সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তাৰ পাচৰ দিনা অৰ্থাৎ মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰা হয় ৷ আদালতে তেওঁক ছদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে ৷ সাংবাদিকজনৰ ম’বাইল, লেপটপ আৰক্ষীয়ে জব্দ কৰিছে ৷ তদুপৰি কল লিষ্ট পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷ কাৰ কাৰ লগত ৰাজীৱ শৰ্মাৰ যোগাযোগ আছিল সেই দিশটো চাইছে আৰক্ষীয়ে ৷ শনিবাৰে দিল্লী আৰক্ষীয়ে জনাই যে বর্ষীয়ান সাংবাদিক ৰাজীৱ শৰ্মাই চীনা গুপ্তচৰক গোপনীয় তথ্য যোগান দিয়ে ৷ তেওঁক অফিচিয়েল চিক্ৰেট এক্ট বা চৰকাৰী গোপনীয়তা আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে এগৰাকী মহিলা আৰু নেপালী সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁলোকে ভুৱা কোম্পানীৰ নামত ৰাজীৱ শৰ্মাক টকা দিছিল৷ উল্লেখ্য যে টুইটাৰত ৰাজীৱ শৰ্মাই সন্দেহজনক কাৰ্যকলাপ কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখিৰ ডিচিপি সঞ্জীব যাদব, প্ৰতিৰক্ষা সংক্রান্তত বিভিন্ন গোপনীয় তথ্য তেওঁৰ হাতত আছিল ৷

Related Articles