দৈনন্দিন বাৰ্তা ডেস্ক : আশংকা কৰা মতেই সৃষ্টি হ’ল অশান্তি ৷ দেওবাৰে ৰাজ্যসভাৰ অধিৱেশনত সেয়া দেখিবলৈ পোৱা গ’ল ৷ বিৰোধীৰ তীব্ৰ প্ৰতিবাদ আৰু বিক্ষোভৰ মাজতে নৰেন্দ্ৰ মোডী চৰকাৰে সংসদৰ উচ্চ সদনত ধ্বনি ভোটৰ যোগেদি গৃহীত কৰে কৃষি ক্ষেত্ৰত সংস্কাৰৰ দুখন বিতৰ্কিত বিধেয়ক ৷ কৰ’নাৰ সংক্ৰমণৰ মাজতে দেওবাৰে সামাজিক দূৰত্ব বিধি কাৰ্যত আঁতৰ কৰি অধ্যক্ষৰ আসনৰ ওচৰত বিৰোধী সাংসদে বিক্ষোভ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰী পক্ষৰ সাংসদে শ্ল’গান দিয়ে ৷ সেই সময়ত সভা পৰিচালনা কৰিছিল উপাধ্যক্ষ হৰিবংশ নাৰায়ৎ সিঙে ৷ তৃণমূলৰ ডেকেক অ’ ব্রায়েনসহ কেইবাজনো বিৰোধী সাংসদে তেওঁৰ আসনৰ ওচৰলৈ গৈ কাগজপত্ৰ আৰু মাইক টনাটনি কৰে ৷ উল্লেখ্য যে বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগতে সাংসদসকলক বিক্ষোভ কৰাৰ বিধিনিষেধ জাৰি কৰা হৈছিল ৷ কেৱল সংসদৰ ভিতৰ মহলতে নহয়, ৰাজধানী দিল্লীসহ উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আজি কৃষি ক্ষেত্ৰৰ সংস্কাৰ সংক্ৰান্তীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে বিক্ষোভ কৰে বিৰোধী দল আৰু বিভিন্ন কৃষক সংগঠনে ৷ আন্দোলনকাৰীৰ অভিযোগ, এই সংক্ৰান্তত তিনিখন বিধেয়কৰে কৃষকসকলৰ স্বার্থ উপেক্ষা কৰি বৃহৎ ব্যৱসায়ী আৰু ক’প’ৰেট কোম্পানীবোৰক সম্পূৰ্ণৰূপে ফচলৰ দাম নিৰ্দ্ধাৰণ আৰু মজুতকাৰীক অধিকাৰ দিয়া হৈছে ৷ দিনটোৰ আগবেলাতে বিৰোধীৰ তুমুল প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত গৃহিত কৰি কেন্দ্ৰীয় কৃষি উন্নয়ন, কৃষক কল্যাণ আৰু খাদ্য প্রক্রিয়াকৰণ মন্ত্রী নৰেন্দ্ৰ সিং তোমৰে কয়, কৃষকৰ ফচলৰ ন্যায্য পোৱাৰ পথত এই বিধেয়কে কোনো প্রতিবন্ধকতাৰ সৃষ্টি নকৰে ৷ বিধেয়ক গৃহিত হোৱাৰ পাচত বিজেপিৰ সভাপতি জে পি নাড্ডাই কয়, ‘নৰেন্দ্ৰ মোডীজীৰ নেতৃত্বত ভাৰতীয় কৃষকে ৭০ বছৰৰ বঞ্চনাৰ পৰা মুক্তি পালে ৷’ আনহাতে কংগ্ৰেছৰ অভিযোগ, এই বিধেয়ক আহিলে ‘কৃষকসকলৰ মৃত্যু পৰোৱানা’। বিতৰ্কত অংশ লৈ ৰাজ্যসভাৰ ডি এম কে সাংসদ টি কে এছ ইলানগোভানৰ মন্তব্য, এই কৃষি বিধেয়কে পুনৰ কৃষকসকলক ক্ৰীতদাসত পৰিণত কৰিব ৷ আনকি বিজেপিৰ পুৰণা সহযোগী শিৰোমণি আকালি দলৰ সাংসদ নৰেশ গুজকালে কেন্দ্ৰক সতৰ্ক কৰি কয়, পাঞ্জাৱৰ কৃষকক দুৰ্বল বুলি ভুল নকৰিব ৷ তেওঁলোকে এই কৃষক বিৰোধী বিধেয়ক মানি নলয়৷ ‘অত্যাৱশ্যক পণ্য আইন’ সংশোধন, ‘কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন’ আৰু ‘কৃষিপণ্যৰ দাম নিশ্চিত কৰাত কৃষকসকলৰ সুৰক্ষা আৰু ক্ষমতায়ন চুক্তি’ সংক্ৰান্তৰ বিধেয়ক তিনিখন লোকসভাত গৃহীত কৰিছে ৷ দেওবাৰে ‘কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন’ আৰু কৃষিপণ্যৰ দাম নিশ্চিত কৰাত কৃষকসকলৰ সুৰক্ষা আৰু ক্ষমতায়ন চুক্তি’ সংক্ৰান্তীয় বিধেয়ক গৃহীত হয় ৰাজ্যসভাত ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…