কভিড চিকিৎসাৰ নামত ভেঙুচালি : চিনাক্ত ৰোগীক নিবলৈ ৪ দিনেও নাহিল চৰকাৰী এম্বুলেন্স

নাজিৰা : কভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ যোৱাৰ দিহা কৰাৰ লগতে এই ৰোগৰ আচৰণ বিধি অনুসৰি চিনাক্ত ৰোগীক কোনো নিৰোগী ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পূৰ্বেই চিকিৎসালয় গৈ পোৱাৰ বাবে তৎপৰতা এতিয়া ক্ৰমাৎ শিথিল হোৱাৰ দিশত। এই বিষয়ে চিনাক্ত ৰোগীয়ে চৰকাৰী চিকিৎসা কৰ্মীৰ পৰা ক্ষন্তেক পাছতে এম্বুলেন্স আহি পোৱাৰ প্ৰতিশ্ৰুতি পোৱাৰ পাছত কভিড পৰীক্ষা কৰাৰ স্থানত অপেক্ষা কৰি বিফল হয়। পৰৱৰ্ত্তী সময়ত আক্ৰান্ত ব্যক্তিয়ে নিজে ফোন কৰিও ১০৮ সেৱাৰ এম্বুলেন্সৰ সঁহাৰি বিচাৰি সোণকালেই আহি পোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰে ঠিকেই। পিছে ১০৮ ব্যৱস্থাপনাৰ পৰা ৰোগীৰ সৈতে যোগাযোগ কৰা কৰ্তৃপক্ষ আৰু এম্বুলেন্সত কৰ্মৰত সকলৰ মাজত ক্ৰমাৎ এতিয়া যোগসূত্ৰ হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ বাবেই বিগত তিনিদিন ধৰি ৰোগীজনৰ কাষ নেপালেহি এম্বুলেন্স সেৱা। উপান্ত আক্ৰান্ত জনে নিজৰ গৃহত উপস্থিত হৈ হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা নিজে কৰি লয়। এই সন্দৰ্ভত খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰীক্ষা কৰোৱা গড়গাঁৱৰ বাসিন্দা ৫২ বছৰীয়া প্ৰৱাল খাটনিয়াৰে নিজ গৃহতে গৃহ নিলগীকৰণ হৈ ৰোৱাৰ বিষয়ে খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়াৰ যোগেদি শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই বিষয়ে অৱগত কৰাৰ লগতে যোৱা ১৮ ছেপ্টেম্বৰতে কভিড পজিটিভ প্ৰমাণ হোৱা আৰু দীঘলীয়া অপেক্ষাৰ লগতে পৰৱৰ্ত্তী গৃহ নিলগীকৰণ হোৱাৰ কথা ২১ ছেপ্টেম্বৰৰ পত্ৰযোগে প্ৰকাশ কৰিছে। এই ঘটনাই একমাত্ৰ নহয় চিনাক্ত ৰোগীৰ ক্ৰমাৎ অক্সিজেনৰ মাত্ৰা কমি উঠা অৱস্থাত এম্বুলেন্স অহাৰ আশাত কেইবাঘণ্টাও ৰৈ থকাৰ পাছত ৰোগীৰ আত্মীয়ই মহিলা ৰোগীক নিজা বাহনেৰে নাজিৰাৰ পৰা শিৱসাগৰ কভিড চিকিৎসালয়ত ভৰ্ত্তি কৰাবলৈ আগবঢ়া অৱস্থাত আন শীৰ্ষস্থানীয় ব্যক্তিৰ নিৰ্দেশতহে অৱশেষত ১০৮ এম্বুলেন্স আহি পোৱাৰ দৰে পৰিস্থিতি দৃশ্যমান হৈছে। স্বাস্থ্য বিভাগে কভিড যোদ্ধা হিচাপে অনেকজন ব্যক্তিক সমুখৰ যোদ্ধা হিচাপে সম্বৰ্দ্ধনা, প্ৰশংসা কৰি মনোবল ধৰি ৰখাৰ ব্যৱস্থা কৰাৰ পাছতো খোদ আতুৰ সময়ত আশা কৰি ৰোৱা এম্বুলেন্স খনৰ চালক আৰু চিকিৎসা কৰ্মীক কিয় একে সময়তে সক্ৰিয় কৰি ৰাখিব পৰা নাই ? নে হাত চাপৰি প্ৰশংসাৰে উপচাই ৰখাৰ পাছত এম্বুলেন্স চলিবলৈ প্ৰয়োজনীয় ডিজেলৰ যোগান হ্ৰাস নতুবা ব্যয় সংকোচনৰ নামত কভিড যোদ্ধাৰ প্ৰাপ্য সুবিধাতো হাত ধৰা হৈছে ? জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে।

Related Articles